*Moran Durga Puja Preparation*

 মৰাণত অসমীয়া থলুৱা শিল্পীৰ পৰশত প্ৰাণ পাই উঠিছে আটক ধুনীয়া বাঁহেৰে নিৰ্মিত বিশাল মণ্ডপ :- শাৰদীয় দূৰ্গোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন। ৰাজ্যজুৰি এতিয়া দুৰ্গা পূজা উপলক্ষে আয়োজক সমিতি সকলৰ মাজত ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমাত অৱস্থিত মৰাণত দেখা পোৱা গৈছে শাৰদীয় দুৰ্গোৎসৱলৈ উৎসাহ উদ্দীপনা। মৰাণৰ প্ৰতিখন পূজা সমিতিৰ দুৰ্গা পূজা উপলক্ষে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। প্ৰতিবছৰৰ দৰে এইবাৰ সমগ্ৰ মৰাণত প্ৰায় ৩৭ খন পূজাৰ প্ৰস্তুতি চলিছে। ৰাইজক আকৰ্ষিত কৰিবলৈ পূজা মণ্ডপ নিৰ্মাণৰ বাবে পূজা সমিতি সমূহে লৈছে ন ন কৌশল। বিশেষকৈ চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই Vocal for local থীম লৈ এইবাৰ সাজি উলিয়াইছে আৰ্কষনীয় পূজা মণ্ডপ আৰু মৃন্ময় প্ৰতিমা । বিশেষকৈ পিয়লি নগৰ সাৰ্বজনীন দুৰ্গা পূজা, মা শক্তি আৰাধনা সমিতিৰ দুৰ্গা পূজা সমিতিয়ে অসমীয়া থলুৱা শিল্পীৰ পৰশত প্ৰাণ পাই উঠিছে আটক ধুনীয়া বাঁহেৰে নিৰ্মিত বিশাল মণ্ডপ। সম্পূৰ্ণ থলুৱা কাৰিকৰ আৰু থলুৱা বাঁহেৰে নিৰ্মাণ কৰি থকা এই পূজা সমিতিদুখনে দৰ্শকৰ মাজত সমাদৃত হৈছে । ইফালে মৰাণত চাহ বাগিচা অঞ্চলৰ পৰা চহৰলৈকে অনুষ্ঠিত ৩৭ খন পূজা যাতে শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হয় তাৰ বাবে মৰাণৰ প্ৰশাসন কঠোৰ হোৱা পৰিলক্ষিত হৈছে । পূজা সমিতি সমূহৰ লগত কেইবালানিও বৈঠক অনুষ্ঠিত কৰিছে মৰাণ প্ৰশাসনে । মুঠৰ ওপৰত দুৰ্গা পূজাৰ বাবে যুদ্ধকালিন প্ৰস্তুতি চলিছে মৰাণত।