বৰ্ষ১৮২০ত ৰহাৰ চাপৰমুখ সিং গাঁওত স্থাপিত উওৰ পূৰ্বাঞ্চলৰ দ্বিতীয় ঐতিহাসিক গুৰুদ্বাৰা মাতাজীত আজিৰ পৰা পবিত্ৰ অখণ্ড পাঠেৰে নবম গুৰু গুৰু টেগবাহাদুৰজীৰ ৪০৩তম্ জন্মোৎসব প্ৰকাশ উৎসৱ শুভাৰম্ভ হয়।শুভাৰম্ভ অনুষ্ঠানত গুৰুদ্বাৰা মাতাজী প্ৰবন্ধক কমিটি,প্ৰকাশ উৎসৱ উদযাপন সমিতি,চাপৰমুখ শিখ য়ুথ এচোচিয়েচন ৰ প্ৰতিনিধি, সদস্য সদস্যা সহ পুৰুষ মহিলা যুবক যুৱতী উপস্থিত থাকে।

       আজিৰ পৰা আৰম্ভ হোবা পবিত্ৰ অখণ্ড পাঠ অবিৰতভাৱে অহা ১৮এপ্ৰিললৈ চলি থকাৰ লগতে ১৭ এপ্ৰিলত প্ৰকাশ উৎসৱ ৰ উপলক্ষে গুৰুদ্বাৰা মাতাজী ৰ পৰা পঞ্চ পিয়াৰেৰ সান্নিধ্যত এখন বিশাল নগৰ কীৰ্তন ধৰ্মীয় শুভাযাত্ৰা উলিওৱা হব আৰু ১৮ এপ্ৰিলত পবিত্ৰ অখণ্ড পাঠৰ সমাপ্তি ৰ পাচত দিৱান ধৰ্মীয় সভা অনুষ্ঠিত হব।

      সন্ধ্যা গুৰুদ্বাৰা পৰিসৰত বন্তি প্ৰজ্বলন কৰি প্ৰকাশ উৎসৱ ৰ সমাপন কৰা হব।

    ১১দিনীয়া প্ৰকাশ উৎসৱ সূচাৰু পৰিচালনাৰ বাবে সৰদাৰ ৰাজবীৰ সিংহক সভাপতি আৰু সৰদাৰ পবিন্দ্ৰ সিংহক সাধাৰন সম্পাদক হিচাপে লৈ এখন শক্তিশালী প্ৰকাশ উৎসৱ উদযাপন সমিতি গঠন কৰা হয়।