উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমত বিগত দুবছৰত বাল্য বিবাহৰ হাৰ অস্বাভাৱিক বৃদ্ধি পাইছে৷ ৰাজ্যখনৰ জনজাতীয় সম্প্ৰদায় আৰু চৰ অঞ্চলত বাল্য বিবাহৰ প্ৰথা প্ৰচলিত হৈ আছে৷ জৰীপ অনুসৰি অসমত ১৮ বছৰ সম্পূৰ্ণ কৰাৰ পূৰ্বে ২.৬ লাখ কিশোৰ-কিশোৰী বাল্য বিবাহপাশত আবদ্ধ হৈছে৷ যাৰ বাবে বাল্যবিবাহৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ ১৫খন ৰাজ্যৰ ভিতৰত অসমেও স্থান লাভ কৰি অবাঞ্ছিত অভিলেখ ৰচনা কৰিছে৷ বাল্য বিবাহ প্ৰতিৰোধৰ সন্দৰ্ভত শান্তিৰ নোবেল বটাঁ বিজয়ী কৈলাস সত্যাৰ্থীৰ শিশু ফাউণ্ডেশ্যনে মঙলবাৰে গুৱাহাটীত ‘শিশু বিবাহ মুক্ত ভাৰত’ অভিযান ঘোষণা কৰিছে৷ শিশু সুৰক্ষাৰ ক্ষেত্ৰখনত কাম কৰি থকা সকলো অনুষ্ঠান-প্ৰতিষ্ঠানক একত্ৰিত কৰি বাল্য বিবাহমুক্ত অসমৰ সপোন বাস্তৱ কৰিবলৈ আয়োজন কৰা ৰাজ্যিক পৰ্যায়ৰ আলোচনাচক্ৰত এই কথা প্ৰকাশ কৰে ফাউণ্ডেশ্যনৰ কাৰ্যবাহী সঞ্চালক কে কে জৰ্জে৷ কৈলাস সত্যাৰ্থী শিশু ফাউণ্ডেশ্যনে অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ সহযোগিতাত এই আলোচনাচক্ৰখন অনুষ্ঠিত কৰে৷ ৰাজ্যিক পৰ্যায়ৰ আলোচনা চক্ৰখনত শিশু বিবাহ প্ৰতিৰোধ বিষয়া নিযুক্তি, বাল্যবিবাহৰ ক্ষেত্ৰত বাধ্যতামূলকভাৱে এজাহাৰ পঞ্জীয়ন আৰু নাবালিকা সন্তানক বিয়া নিদিবলৈ অভিভাৱকসকলক সজাগ কৰি এখন সংবাদমেল সম্বোধন ফাউণ্ডেশ্যনৰ কাৰ্যবাহী সঞ্চালত কে কে জৰ্জে কয় যে– ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ- ৫ৰ ৰিপৰ্ট অনুসৰি ৰাষ্ট্ৰীয় পৰ্যায়ত ২০-২৪ বছৰ বয়সৰ ভিতৰৰ ২৩.৩ শতাংশ মহিলাই ১৮ বছৰ বয়সৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছে ৷ এই তথ্যই অসমৰ বাল্য বিবাহৰ ভয়াৱহ ছবিখন পোহৰলৈ আনিছে৷ নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰো ২০২১ৰ প্ৰতিবেদন অনুসৰি বিগত ৩ বছৰত ৰাজ্যত বাল্য বিবাহৰ বলি হোৱা লোকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে৷ আনহাতে, ২০১৫-১৬ চনত ২৬.৮শতাংশৰ পৰা এনএফএইচএছ- ৫ ৰ প্ৰতিবেদন অনুসৰি ৰাষ্ট্ৰীয় পৰ্যায়ত বাল্যবিবাহৰ বলি হোৱা লোকৰ শতকৰা হাৰ ২৩.৩শতাংশলৈ হ্ৰাস পাইছে৷ অৱশ্যে ২০১৯-২১ বৰ্ষত অসমত বাল্য বিবাহৰ হাৰ ৩০.৮শতাংশৰ পৰা ৩১.৮শতাংশলৈ বৃদ্ধি পাইছে৷ আলোচনাচক্ৰখনত অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ সদস্য-সচিব এন বৰুৱা, আৰ পি এফৰ আই জি প্ৰমোদ কুমাৰ, মহিলা আৰু শিশু বিভাগৰ উপ-সঞ্চালক বিঞ্জুমণি দাস, চি ডব্লিউ চিৰ অধ্যক্ষ জিতু দত্ত, এ এছ এল এছ এৰ উপ-সচিব আৰ ব্ৰহ্ম, ডব্লিউ চি ডি-চি আই ডিৰ উপ-সঞ্চালক, গোল্ড গ্ল’বেল অৰ্গেনাইজেচন ফৰ লাইফ ডেভেলপমেণ্টৰ প্ৰতিষ্ঠাপক স্মৃতি ৰেখা বৰা, ৰাজীৱ শৰ্মা উপস্থিত থাকে৷ আলোচনচক্ৰখনত ভাষণ প্ৰদান কৰি গ’ল্ডৰ বিষয়া ৰাজীব শৰ্মাই কয়– ‘বাল্যবিবাহৰ সন্দৰ্ভত অসমত যি দেখিবলৈ পাইছো সেয়া কেৱল বহু ঘটনাৰ নগণ্যসংখ্যকহে৷ আমাৰ ৰাজ্যৰ জনজাতীয় সম্প্ৰদায় আৰু চাহ বাগিচা অঞ্চলত বাল্য বিবাহৰ প্ৰচলন আছে আৰু পৰিস্থিতি অতি ভয়াৱহ৷ মাতৃৰ মৃত্যুৰ হাৰ [এমএমআৰ]ও অতি উচ্ছ৷ এই পৰিস্থিতি অতি সোনকালে সকলো সংশ্লিষ্ট অংশীদাৰে সামূহিকভাৱে মোকাবিলা কৰাটো প্ৰয়োজন৷ ওদালগুৰি জিলাৰ পৰা বহু নাবালিকাক বিবাহৰ চলেৰে হাৰিয়ানালৈ নি মানৱ সৰবৰাহকাৰী চক্ৰৰ হাতত যৌন শোষণৰ বাবে এৰি দিয়া বহু ঘটনা পোহৰলৈ আহিছে৷’
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ছিপাঝাৰত বয়স জালিয়াতিৰে লাট মণ্ডলৰ চাকৰি
ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডলৰ ব্যাপক জালিয়াতি ৷লাট মণ্ডল গৰাকীয়ে বয়স জালিয়তিৰে...
The Department of Health & Family Welfare, Government of Assam Honoured CERTIFICATE OF APPRECIATION to Office of the Additional CM&HO(FW) Darrang led by Dr. Nirmal Beria for the valuable contribution for Covid 19 Vaccination .
The Department of Health & Family Welfare, Government of Assam Honoured CERTIFICATE OF...
ৰাছিয়াৰ বিৰুদ্ধে জাৰি কৰা নিষেধাজ্ঞা বাহাল ৰাখিব জাপানে
টকিঅ', ২৩ আগষ্ট। জাপানে ৰাছিয়াৰ বিৰুদ্ধে জাপানে যি নিষেধাজ্ঞা জাৰি কৰিছে সেয়া পৰৱৰ্তী...
श्री जगन्नाथ रथ यात्रा महोत्सव भव्यता एवं दिव्यता से मनाया
बूंदी। बूंदी के आराध्य श्रीरंगनाथ, वल्लभ संप्रदाय की प्रथम पीठ श्री गोपाल लाल मंदिर पर श्री...