*স্বাস্থ্য সেৱা অভিযানৰ অধীনত বিশেষ স্বাস্থ্য শিবিৰ*

 ২৫ আগষ্ট, গোলাঘাট

বিকাশ শৰ্মা

  গোলাঘাট জিলাৰ মধ্যমপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত নবাপুৰ ৰাজহুৱা ভৱনত ২৫ আগষ্টত এক বিশেষ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়।

 গোলাঘাটৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্ত, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ পবন কুমাৰ গোঞ্জু, ডুব সংমণ্ডল চিকিৎসা আৰু স্বাস্থ্য বিষয়া (মুখ্য চৌহদ) ডাঃ অজিত গগৈৰ উপস্থিতিত এই বিশেষ স্বাস্থ্য শিবিৰ উদ্বোধন কৰা হয়। এই শিবিৰত

 শিশু বিশেষজ্ঞ, চিকিৎসা বিশেষজ্ঞ, স্ত্ৰীৰোগ বিশেষজ্ঞ, সামূহিক স্বাস্থ্য বিষয়া, লেবৰেটৰী টেকনিচিয়ান, ফাৰ্মাচিষ্ট, এ এন এম আদি মোবাইল মেডিকেল ইউনিটৰ দল আৰু ৰাষ্ট্ৰীয় বাল সুৰক্ষা কাৰ্য্যক্ৰমৰ উপৰি উপস্থিত থাকে।

 বিভিন্ন সেৱা যেনে এণ্টে নেটাল কেয়াৰ, প’ষ্ট নেটাল কেয়াৰ, লেবৰেটৰী সেৱা, অসংক্ৰামক ৰোগৰ স্ক্ৰীনিং, টিবি, মেলেৰিয়া, কাউন্সেলিং আদি সাধাৰণ ৰাইজক প্ৰদান কৰা হয়।

 স্বস্ত্য সেৱা অভিযানৰ অধীনত এই বিশেষ স্বাস্থ্য শিবিৰটো ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ এক পদক্ষেপ যিটো এতিয়াৰে পৰা প্ৰতিমাহে অসমৰ জিলাসমূহৰ বিভিন্ন স্থানত অনুষ্ঠিত হ’ব।

 বিশেষ স্বাস্থ্য শিবিৰৰ লক্ষ্য হৈছে ৰাইজক ঠিক তেওঁলোকৰ দুৱাৰমুখতে একেখন চালিৰ তলত বিশেষজ্ঞ সেৱা আগবঢ়োৱা। বিশেষ স্বাস্থ্য শিবিৰসমূহে জনসাধাৰণৰ স্বাস্থ্য বিচৰা আচৰণ বৃদ্ধি কৰাৰ লগতে স্বাস্থ্যক অগ্ৰাধিকাৰ হিচাপে গঢ়ি তুলিবলৈ সজাগতা সৃষ্টি কৰিব বুলি উদ্যোক্তা সকলে আশা কৰিছে।