গুৱাহাটীৰ লাচিত ঘাট৷ আকাশমাৰ্গত বৰ্ণময় পৰিৱেশ, তলত উৎকণ্ঠিত বহুজন৷ ভাৰতীয় বায়ুসেনাই বিশেষভাৱে আয়োজন কৰা এটা বিশেষ এয়াৰ শ্ব’ক কেন্দ্ৰ কৰি মঙলবাৰে গুৱাহাটীৰ লাচিত ঘাটত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ লাচিত ঘাটৰ আকাশমাৰ্গত ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ এৰ’বেটিক টীমে প্ৰদৰ্শন কৰে বিশেষ কলা-কৌশল৷ প্ৰায় ৩০ মিনিটত ধৰি চলা এই বিশেষ অনুষ্ঠানত বায়ুসেনাৰ ৯খন হ’ক এম কে-১৩২ বিমানে দুঃসাহসিক কাৰ্যকলাপ প্ৰদৰ্শন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰে৷ এই বিশেষ অনুষ্ঠানত অন্যান্যসকলৰ লগতে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাও৷ অনুষ্ঠানত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় এনেধৰণৰ কাৰ্যক্ৰমসমূহে অসমৰ উঠি অহা প্ৰজন্মক ভাৰতীয় বায়ু সেনা তথা আন প্ৰতিৰক্ষা বাহিনীসমূহত যোগদান কৰিবলৈ অনুপ্ৰেৰণা যোগাব৷ তেওঁ লগতে ভাৰতীয় বায়ু সেনা বাহিনীক গুৱাহাটীত সূৰ্য কিৰণৰ এই দুসাহসিক প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে৷ ১৯৯৬ চনত প্ৰতিষ্ঠা হোৱা সূৰ্য কিৰণ এৰ’বেটিক টীম হ’ল ভাৰতীয় বায়ু সেনাৰ ৫২ সংখ্যক স্কোৱাড্ৰণৰ এক অংশ৷ উল্লেখ্য ৯খন বা ততোধিক বিমানৰ দ্বাৰা এনে দুঃসাহসিক কাৰ্যকলাপ প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা বিশ্বৰ মাত্ৰ কেইটামান দলৰ ভিতৰত সূৰ্য কিৰণ এৰ’বেটিক টীম হৈছে অন্যতম৷ এই অনুষ্ঠানত অসমৰ ৰাজ্যপাল জগদীশ মুখিৰ সহধৰ্মিনী প্ৰেম মুখি, এয়াৰ মাৰ্শ্বাল [ইষ্টাণ ৰ্এয়াৰ কামাণ্ড] বি কে পাটনায়ক, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ আৰু অসামৰিক তথা প্ৰতিৰক্ষা বিভাগৰ বিষয়াবৃন্দ প্ৰমুখ্যে কেইবা শতাধিক লোক উপস্থিত থাকে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ધ્રાંગધ્રા તાલુકાના સતાપરના ડેમમાં 23 વર્ષીય યુવાનનું ડૂબી જવાથી મોત નિપજ્યું
સુરેન્દ્રનગર જિલ્લાના ધ્રાંગધ્રા તાલુકાના સતાપરના ડેમમાં 23 વર્ષીય યુવાનનું ડૂબી જવાથી મોત...
ایک ایسی کتاب جس کو لوگوں نے کیا پسند اب اسی کتاب کا دوسرا حصہ بھی آنے والا ہے۔
ایک ایسی کتاب جس کو لوگوں نے کیا پسند اب اسی کتاب کا دوسرا حصہ بھی آنے والا ہے۔
मराठा आरक्षणाच्या मागणीसाठी भांबेरी गावच्या ग्रामस्थांचं आमरण उपोषण सुरू
मराठा आरक्षणाच्या मागणीसाठी भांबेरी गावच्या ग्रामस्थांचं आमरण उपोषण सुरू
औरंगाबाद(विजय...
Weather Update: दिल्ली समेत पूरे उत्तर भारत को सर्दी से राहत, आने वाले समय में बढ़ेगी ठिठुरन
दिल्ली समेत पूरे उत्तर भारत में शीतलहर ने लोगों को घरों में दुबकने पर मजबूर कर दिया. हालांकि...