গুৱাহাটীৰ লাচিত ঘাট৷ আকাশমাৰ্গত বৰ্ণময় পৰিৱেশ, তলত উৎকণ্ঠিত বহুজন৷ ভাৰতীয় বায়ুসেনাই বিশেষভাৱে আয়োজন কৰা এটা বিশেষ এয়াৰ শ্ব’ক কেন্দ্ৰ কৰি মঙলবাৰে গুৱাহাটীৰ লাচিত ঘাটত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ লাচিত ঘাটৰ আকাশমাৰ্গত ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ এৰ’বেটিক টীমে প্ৰদৰ্শন কৰে বিশেষ কলা-কৌশল৷ প্ৰায় ৩০ মিনিটত ধৰি চলা এই বিশেষ অনুষ্ঠানত বায়ুসেনাৰ ৯খন হ’ক এম কে-১৩২ বিমানে দুঃসাহসিক কাৰ্যকলাপ প্ৰদৰ্শন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰে৷ এই বিশেষ অনুষ্ঠানত অন্যান্যসকলৰ লগতে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাও৷ অনুষ্ঠানত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় এনেধৰণৰ কাৰ্যক্ৰমসমূহে অসমৰ উঠি অহা প্ৰজন্মক ভাৰতীয় বায়ু সেনা তথা আন প্ৰতিৰক্ষা বাহিনীসমূহত যোগদান কৰিবলৈ অনুপ্ৰেৰণা যোগাব৷ তেওঁ লগতে ভাৰতীয় বায়ু সেনা বাহিনীক গুৱাহাটীত সূৰ্য কিৰণৰ এই দুসাহসিক প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে৷ ১৯৯৬ চনত প্ৰতিষ্ঠা হোৱা সূৰ্য কিৰণ এৰ’বেটিক টীম হ’ল ভাৰতীয় বায়ু সেনাৰ ৫২ সংখ্যক স্কোৱাড্ৰণৰ এক অংশ৷ উল্লেখ্য ৯খন বা ততোধিক বিমানৰ দ্বাৰা এনে দুঃসাহসিক কাৰ্যকলাপ প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা বিশ্বৰ মাত্ৰ কেইটামান দলৰ ভিতৰত সূৰ্য কিৰণ এৰ’বেটিক টীম হৈছে অন্যতম৷ এই অনুষ্ঠানত অসমৰ ৰাজ্যপাল জগদীশ মুখিৰ সহধৰ্মিনী প্ৰেম মুখি, এয়াৰ মাৰ্শ্বাল [ইষ্টাণ ৰ্এয়াৰ কামাণ্ড] বি কে পাটনায়ক, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ আৰু অসামৰিক তথা প্ৰতিৰক্ষা বিভাগৰ বিষয়াবৃন্দ প্ৰমুখ্যে কেইবা শতাধিক লোক উপস্থিত থাকে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આપ. ધારાસભ્ય ગોપાલ ઈટાલિયાનો મોટો નિર્ણય!
AAP ધારાસભ્ય ગોપાલ ઈટાલિયાનો મોટો નિર્ણય : હડદડ ગામના ખેડૂતોને પોતાનો પગાર આપશે. સાથે ધારાસભ્યે...
સુરેન્દ્રનગર ભૂસ્તરશાસ્ત્રીશ્રીની ટીમ દ્વારા સાયલા તાલુકાના ડોળીયા ખાતે આકસ્મિક તપાસ કરાઈ
ભૂસ્તરશાસ્ત્રીશ્રીની યાદીમાં જણાવ્યા પ્રમાણે જિલ્લા કલેક્ટરશ્રી કે.સી. સંપટના માર્ગદર્શન હેઠળ...
औरंगाबाद | सोयगाव तालुक्यात बरसला अवकाळी पाऊस
औरंगाबाद | सोयगाव तालुक्यात बरसला अवकाळी पाऊस
अहमदाबाद: सरखेज जुहापुरा मैं इफ्तारी के दौरान 15.16.17 अप्रैल के दिन गांधी हॉल में लगेगा भव्य स्टॉल
अहमदाबाद: सरखेज जुहापुरा मैं इफ्तारी के दौरान 15.16.17 अप्रैल के दिन गांधी हॉल में लगेगा भव्य स्टॉल
BJPના હારેલા ઉમેદવારે સુ ક્યુ જુવો
BJPના હારેલા ઉમેદવારોએ હારનો દોષ પાર્ટીના જ વિરોધીઓ પર ઢોળ્યો, પાટણ અને કાંકરેજના ઉમેદવારોનો...