ৰাজা ৰামমোহন ৰায় লাইব্ৰেৰী ফাউণ্ডেচন আৰু সাংস্কৃতিক মন্ত্ৰণালয়ৰ উদ্যোগত, পুথিভঁৰাল সেৱা সঞ্চালকালয়, অসমৰ সঞ্চালক দীনমণি দাসৰ তত্বাৱধানত থকা চৰাইদেউ মহকুমা পুথিভঁৰালৰ সহযোগত আধুনিক ভাৰত নিৰ্মাতা ৰাজা ৰামমোহন ৰায়ৰ ২৫০ সংখ্যক জন্ম জয়ন্তী বৰ্ষ আজি সোণাৰিত অৱস্থিত চৰাইদেউ মহকুমা পুথিভঁৰালত উলহ-মালহেৰে পালন কৰি এক সজাগতা সমদল উলিওৱা হয়। নাৰী সৱলীকৰণ বিষয়ক উলিওৱা এই সজাগতা সমদলৰ শুভাৰম্ভ কৰে চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানে। সমদলৰ প্ৰাকক্ষণত অসমৰ জাতীয় সংগীত পৰিবেশনেৰে আৰম্ভ হোৱা সভাত বন্তি প্ৰজ্বলন কৰে চৰাইদেউ জিলাৰ সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া জাহ্নৱী গোস্বামীয়ে। সভাত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, নাগালেণ্ডৰ প্ৰাক্তন বিধায়ক জন কন্যাক, চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত দ্বয় জাবেদ আৰমান আৰু মৌচুমী চেতিয়াই। ভগৱতী প্ৰসাদ সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী পলী বুঢ়াগোহাঁইয়ে আঁত ধৰা সভাখনত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে চৰাইদেউ মহকুমা পুথিভঁৰালৰ গ্ৰন্থাগাৰিক সংগীতা চেতিয়াই। সভাত আমন্ত্ৰিত বিশিষ্ট অতিথিসকলে তেওঁলোকৰ ভাষণ আগবঢ়ায়। সোণাৰি মহাবিদ্যালয় আৰু সোণাৰি বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰীসকলেও নাৰী সৱলীকৰণ সন্দৰ্ভত বক্তব্য ৰখাৰ লগতে গীত পৰিৱেশন কৰে। সভাত উপস্থিত থকা বেঙেনাবাৰী গ্ৰাম্য পুথিভঁৰালৰ গ্ৰন্থাগাৰিক উমেশ বসুমতাৰী, সাংবাদিক মৃত্যুঞ্জয় দাস আৰু জনসংযোগ বিভাগৰ কৰ্মচাৰী ভাস্কৰ বৰদলৈয়েও ভাষণ আগবঢ়ায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
તળાજા માર્કેટિંગ યાર્ડમાં નવા કપાસની આવક શરૂ થઇ આટલો બોલાયો ભાવ...જુઓ
તળાજા માર્કેટિંગ યાર્ડમાં નવા કપાસની આવક શરૂ થઇ આટલો બોલાયો ભાવ...જુઓ
Wolf Attack : UP के उन गांवों की कहानी, जहां भेड़ियों ने दिन का चैन, रात की नींद उड़ा रखी है (BBC)
Wolf Attack : UP के उन गांवों की कहानी, जहां भेड़ियों ने दिन का चैन, रात की नींद उड़ा रखी है (BBC)
ઈન્સ્ટાગ્રામ આઈડી પરથી બિભત્સ ઓડિયો સાથે યુવતીઓના ફોટો અપલોડ કરાતા ચકચાર:પોલીસ ફરિયાદ નોંધાઈ
પાટડી તાલુકાના વણોદ ગામની 20થી 25 દીકરીઓના ફોટા સાથે ઇન્સ્ટાગ્રામમાં બિભસ્ત અવાજ સાથે ફોટા અપલોડ...