দাংধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গৌৰৱোজ্জ্বল সোণালী জয়ন্তীৰ উপলক্ষে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা।
দক্ষিণ ঢকুৱাখনা অঞ্চলৰ অন্যতম উচ্চ শিক্ষানুষ্ঠানখন দাংধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে সোণালী জয়ন্তী মহোৎসৱটি উদযাপন কৰা হৈছে।
আজি অন্তিম দিনা বাহিৰ কৰা হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা।
জনপ্ৰিয় কণ্ঠশিল্পী ৰূপা মিলিয়ে উদ্ধোধন কৰা সাংস্কৃতিক শোভাযাত্ৰাত প্ৰদৰ্শন কৰা হয় অসমীয়া জাতিৰ কৃষ্টি- সংস্কৃতি,পৰম্পৰাগত নৃত্য, সাংস্কৃতিক দল।
বিভিন্ন জাতি-জনগোষ্ঠীৰ গীত-নৃত্যৰ লগতে গ্ৰাম্য জীৱনৰ কলা-কৃষ্টি সাংস্কৃতিক শোভাযাত্ৰাই আপ্লুত কৰিছে ৰাইজক।
গায়ন বায়ন,আয়তীৰ উৰুলি, গুমৰাগ নৃত্য,বিহু, ভাওনা,খেতি বাতি, কৃষি কৰ্ম আদি সমাহাৰে উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হয় সাংস্কৃতিক শোভাযাত্ৰাত।