অসম সাহিত্য সভাৰ অন্যতম শাখা দৰঙৰ পথৰুঘাট শাখা সাহিত্য সভাৰ উদ্যোগত পাথৰিঘাট উচ্চ মাধ্যমিক বিদ্যালয়ত অসম সাহিত্য সভাৰ আজীৱন সভ্য,পথৰুঘাট সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্ম কুমাৰ দাস আৰু অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক তথা অসম সাহিত্য সভাৰ আজীৱন সভ্য প্ৰয়াত কুহিৰাম হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতি ৰোমন্থন অনুষ্ঠানটি সম্পন্ন হৈ যায়। সেই উপলক্ষে পুৱা দৰং জিলা কৃষিবিভাগৰ অৱসৰী সহকাৰী কৃষি পৰিদৰ্শক যোগেন শৰ্মাই বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰাম্ভনী কৰে। ইয়াৰ পিছতে পদ্মকুমাৰ দাস আৰু কুহিৰাম হাজৰিকাৰ প্ৰতিচ্ছৱীত মাল্যাৰ্পন কৰে ক্ৰমে ঐতিহাসিক খটৰা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি যাদৱ চন্দ্ৰ মহন্ত আৰু নান্দনিক সাহিত্য চ'ৰাৰ সভাপতি তথা অৱসৰী কৃতি শিক্ষয়িত্ৰী বানেশ্বৰী ডেকাই । পথৰুঘাট সাহিত্য সভাৰ সম্পাদক কণ আলি হাজৰিকাই আঁতধৰা আৰু শাখা সভাৰ সভাপতি মানিক চন্দ্ৰ ডেকাই সঞ্চালনা কৰা অনুষ্ঠানত সাহিত্য সেৱী তথা কৃতি শিক্ষক কমলাকান্ত ডেকাই প্ৰয়াত পদ্ম কুমাৰ দাস আৰু প্ৰৱক্তা ,সাহিত্য সেৱী অখিল ৰঞ্জন ভট্টই প্ৰয়াত কুহিৰাম হাজৰিকাৰ ওপৰত ম্মাৰক বক্তৃতা প্ৰদান কৰে । সভাত দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন ডেকা, ক্ষীৰদা ডেকা,ৰমনী ডেকা, জয়ন্ত কলিতা, শাখাৰ উপসভাপতি চাহাবুদ্দিন আহমেদ,পত্ৰিকা সম্পাদক জাকিৰ হুচেইন, ছিপাঝাৰ ডিজিটেল মিডিয়াৰ উপসভাপতি নৱজিৎ শৰ্মা,সাংবাদিক জীতুমনি ভূঞা প্ৰমুখ্যে কেইবাগৰাকীও বিশেষ ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত শিল্গী কস্তুৰী শইকীয়াই বৰগীত আৰু নিলঞ্জনা ভট্টাচাৰ্যই লোকগীত পৰিবেশন কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সোণাৰি মহাবিদ্যালয়ত ''দৈনিক লেখা" নামৰ বেৰ পত্ৰিকা উন্মোচন
সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা সোণাৰি মহাবিদ্যালয়ত আজি এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়।...
Gujarat News: India-Pak मैच को लेकर आतंकी Gurpatwant Singh Pannun की धमकी! | Khalistan | Aaj Tak
Gujarat News: India-Pak मैच को लेकर आतंकी Gurpatwant Singh Pannun की धमकी! | Khalistan | Aaj Tak
મહુધા ૧૧૮ વિધાનસભાનાં ભાજપા ઉમેદવાર સંજયસિંહ મહિડા દ્વારા ડોર ટુ ડોર ચૂંટણી પ્રચાર
મહુધા ૧૧૮ વિધાનસભાનાં ભાજપા ઉમેદવાર સંજયસિંહ મહિડા દ્વારા ડોર ટુ ડોર ચૂંટણી પ્રચાર
બેંક ઓફ બરોડાનાં 116માં સ્થાપના દિવસની ઉજવણી ભાગરૂપે ગોધરા ખાતે પંચમહાલ લીડ બેંક દ્વારા ક્રેડીટ આઉટરીચ કાર્યક્રમ યોજાયો..
*બેંક ઓફ બરોડાના ૧૧૬માં સ્થાપના દિવસની ઉજવણીના ભાગરૂપે ગોધરા ખાતે પંચમહાલ લીડ બેંક દ્વારા ક્રેડીટ...