আজি বিশ্ব পৰ্যটন দিৱস।কাজিৰঙাতো পালন কৰা হয় বিশ্ব পৰ্যটন দিৱস।এই দিৱস উপলক্ষে কাজিৰঙাৰ কহঁৰা চাৰিআলীত উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা। কৃষিমন্ত্ৰী অতুল বৰাৰ উপস্থিতিত পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মুকলি কৰে শোভাযাত্ৰাখনি। শোভাযাত্ৰাত বিভিন্ন সাংস্কৃতিক দল, স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।