সোণাৰিত ৰাজা ৰামমোহন ৰায়ৰ ২৫০ সংখ্যক জন্মজয়নী উদযাপন

ৰাজা ৰামমোহন ৰায় লাইব্রেৰী ফাউণ্ডেচন আৰু সাংস্কৃতিক মন্ত্ৰণালয়ৰ উদ্যোগত, চৰাইদেউ মহকুমা পুথিভঁৰালৰ সহযোগত আধুনিক ভাৰত নিৰ্মাতা ৰাজা ৰামমোহন ৰায়ৰ ২৫০ সংখ্যক জন্মজয়ন্তী আজি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়

এই উপলক্ষে চৰাইদেউ মহকুমা পুথিভঁৰাল প্ৰাংগণত মহিলা সৱলীকৰণ সন্দৰ্ভত এক সভা অনুষ্ঠিত হয়। জিলা সমাজ কল্যাণ বিষয়া জাহ্নৱী গোস্বামীয়ে বন্তি প্ৰজ্বলানেৰে আৰম্ভ কৰা সভা বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত দ্বয় মৌচুমী চেতিয়া আৰু জাভেদ আৰমানে ৰাজা ৰামমোহন ৰায়ৰ জীৱন আৰু কৰ্মৰ ওপৰত ভাষণ দিয়ে। মহকুমা গ্ৰন্থাগাৰৰ গ্ৰন্থগাৰিক সংগীতা চেতিয়াই উদ্দেশ্য ব্যখা কৰা সভা খনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা সাংবাদিক মৃত্যুঞ্জয় দাস, জনসংযোগ বিভাগৰ কৰ্মচাৰী ভাস্কৰ বৰদলৈ আদিয়েও ভাষণ দিয়ে। সভাৰ অন্তত নাৰী সবলিকাৰণৰ ওপৰত এখ

সজাগতা সমদল উলিওৱা হয়। সমদলত সোণাৰিৰ কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰে।

মৃত্যুঞ্জয় দাস, সোণাৰি। ন।