আজি জাগীৰোডত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং উপস্থিত গৈ মৈৰাবাৰীৰ দুই জেহাদীৰ পৰা জব্দ কৰা বৈদ্যুতিক সঁজুলিত কেতবোৰ বিস্ফোৰক তথ্য পোৱা গৈছে বুলি মন্তব্য কৰে। 

জেহাদী মুফতি মুস্তাফাৰ মোবাইলত পোৱা গৈছে কেতবোৰ ভিডিঅ'। জেহাদী আৰু তালিবানীৰ ভিডিঅ' পোৱা গৈছে মুস্তাফাৰ মোবাইলত। 

এই ভিডিঅ'ৰ জৰিয়তে মাদ্ৰাছাৰ ছাত্ৰক প্ৰৰোচিত কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। 

আনচাৰুল্লা বাংলা টীমৰ সৈতে জৰিত ১১ জনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে।

গোৱালপাৰা, বৰপেটা আৰু মৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ হৈছে আটাইকেইটা। 

অসম আৰক্ষী আৰু কেন্দ্ৰীয় তদন্তকাৰী দলৰ নজৰত আছে অসমৰ বহু মাদ্ৰাছা। 

জি পি সিঙে লগতে অসমত জেহাদীৰ সমগ্ৰ নেটৱৰ্ক উৎখাত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ বুলিও কয়।