ধেমাজি এখন মহাবিদ্যালয়, মহাবিদ্যালয়ৰ খনৰ পৰিবেশ সুস্থ কৰি ৰাখিবলৈ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক আৰু কৰ্মচাৰীৰ 'সত্যাগ্ৰহ' কাৰ্যসূচী

ধেমাজিৰ বানিজ্য মহাবিদ্যালয়ৰ অচলাৱস্থা দূৰ কৰিবলৈ আন্দোলনত নামিল এজন অধ্যাপক ।অধ্যাপক বিনয় কলিতাই আজি কলেজখনৰ পৰিৱেশ সুস্থ হোৱাৰ দাবীত সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে ৷উল্লেখ যে ২০১৪ চনৰ পৰাই ভাৰপ্ৰাপ্ত অধ্যক্ষৰে চলি আছে ধেমাজি বাণিজ্য মহাবিদ্যালয় । শেহতীয়াকৈ যোৱা দহ জুনৰ পৰা ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষৰ আসনখনক লৈ দুজন অধ্যাপকৰ মাজত চলি আছে টনাআঁজোৰা ৷মহাবিদ্যালয়খনত সম্প্ৰতি অধ্যক্ষ অথবা ভাৰপ্ৰাপ্ত অধ্যক্ষ নোহোৱাৰ ফলত চৰম অৰাজকতাৰ সৃষ্টি হৈছে ।যাৰ বাবে ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক-অধ্যাপিকাসকলৰ বিভিন্ন ধৰনৰ অসুবিধাত পৰিছে ,মহাবিদ্যালয়খনৰ শিক্ষা বিভাগৰ অধ্যাপক বিনয় কলিতাই লৈছে অভিনৱ প্ৰতিবাদ , অৱশ্যে পৰৱৰ্তী সময়ত মহাবিদ্যালয়ৰ একাংশ ছাত্ৰছাত্ৰী আৰু কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰি কলেজখনত এজন স্থায়ী অধ্যক্ষ নিযুক্তিৰ দাবী জনায় ৷