মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মীন পালনৰ প্ৰশিক্ষণ

মিছিং জনগোষ্ঠীৰ নিৱনুৱা যুৱক -যুৱতি সকলক স্বৱলম্বী কৰাৰ মৰনসেৰে মিছিং স্বায়ত্ত্বশাসিত পৰিষদে বিভিন্ন ধৰনৰ কৰ্মমুখি পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ ২০২২ -০২৩ বৰ্ষত পৰিষদ খনে মাজুলীৰ মিছিং জনগোষ্ঠীটোৰ নিবনুৱা সকলক জীৱিকাৰ খাতিৰত খৰচ কৰিবলৈ উন্নয়ন পুজিৰ ৩০% ধন খৰচৰ লক্ষ্য ৰাখিছে বুলি আমাক অৱগত কৰিছে ৷ নিৱনুৱ সকলক স্বৱলম্বী কৰাৰ বাবেই কৃষি ,মীন, আন আন ব্যৱসায়- বানিজ্যৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰি আহিছে ৷ এই উদ্দেশ্য আগত ৰাখিয়ে 

মিচিং স্বায়ীত্ব শাসিত পৰিষদৰ ৩১ নং ফুলনি জকাইবোৱা সমষ্টিৰ উদোগত আৰু মাজুলী জিলা মীন বিভাগৰ সহযোগত "মীন পালনৰ তিনি দিনীয়া প্ৰশিক্ষণ ২১ ছেপ্তেম্বৰৰ পৰা ২৩ ছেপ্টেম্বৰলৈ অনুষ্ঠিত কৰে ৷ কালি এই প্ৰশিক্ষণ কাৰ্যসুচীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় ৷ সামৰণি অনুষ্ঠানত মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ মাজুলীৰ জি এম ত্ৰলোক্য পামে গাম আৰু জিলা মীন বিভাগৰ বিষয়া সকল উপস্থিত থাকে। ত্ৰলোক্য পামেগামে এই অনুষ্ঠানত ভাষন প্ৰদান কৰি মিছিং যুৱক যুৱতী সকলক স্বৱলম্বী কৰি গঢ়ি তুলাৰ বাবে স্বায়ত্ত্ব শাসিত পৰিষদ খনে গ্ৰহণ কৰা আঁচনি আৰু কৰ্মৰাজিৰ ওপৰত বক্তব্য প্ৰদান কৰে। এই সামৰণি অনুষ্ঠানত পৰিষদৰ সদস্য সকলৰ লগতে জিলা মীন বিভাগৰ বিষয়া সকল উপস্থিত থাকে ৷

মাজুলীৰ বিভিন্ন স্থানৰ ৫৬ গৰাকী লোকে প্ৰশিক্ষণ গ্ৰহন কৰা কৰ্মশালাত বিভাগটোৰ কেইবাজনো বিষয়াই মীন পালক সকলক প্ৰশিক্ষণ প্ৰদান কৰে। প্ৰশিক্ষণ প্ৰাপ্ত এই মীন পালক সকলক পৰিষদৰ ফালৰ পৰা প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷