অসম প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তক CBI য়ে তলৱ কৰাৰ বিৰুদ্ধে বিলাসীপাৰাত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। অসম প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তক CBI য়ে তলৱ কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ । CBI আৰু ED ক ব্যক্তিগত এজেণ্ট হিচাবে কাম কৰাইছে বিজেপি চৰকাৰে। বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ মূৰ্দাবাদ,অন্যায় বাবে CBI তলৱ কৰা বন্ধ কৰক আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ সহযোগত বিলাসীপাৰা পূৱ সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত সাব্যস্ত কৰে এই প্ৰতিবাদ। বিজেপি চৰকাৰৰ দুৰ্নীতি,ভ্ৰষ্টাচাৰ আৰু সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুৱ কংগ্ৰেছে সদায় যুজ দিব বুলি মন্তব্য ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সম্পাদক তথা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ তত্বাৱধায়ক নিলিম গৌতমে। উক্ত অনুষ্ঠানত ধুবুৰী,বিলাসীপাৰা পূৱ আৰু পশ্চিম সমষ্টিৰ বিভিন্ন পৰ্যায়ৰ যুৱ কংগ্ৰেছৰ কৰ্ম কৰ্তা সকলে উপস্থিত থাকে।
অসম প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তক CBI য়ে তলৱ কৰাৰ বিৰুদ্ধে বিলাসীপাৰাত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ।
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/08/nerity_f8eed6b37741442dac4a7931162f9708.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)