*দেৰগাঁৱৰ আমগুৰিত যোৰহাটত এদল দানৱৰূপী মানৱৰ হাতত অকালতে মৃত্যু হোৱা ছাত্ৰ নেতা অনিমেষ ভূঞাৰ সপোনৰ "ন-সোৱাদ" নামৰ ৰেষ্টুৰেণ্ট"মুকলি…*

যোৰহাটত এদল দানৱৰূপী মানৱৰ বৰ্বৰ আক্ৰমণত মৃত্যুক আকোঁৱালি লোৱা অনিমেষ ভূঞাৰ কথা আপুনি নিশ্চয় পাহৰা নাই ৷ এখন ৰেষ্টুৰেণ্ট খোলাৰ বাবে সামগ্ৰী ক্ৰয় কৰিবলৈ যাওঁতেই অনাকাংক্ষিতভাৱে মৃত্যুক সাৱটি লোৱা অনিমেষৰ সপোন বাস্তৱায়িত কৰিলে দুই বন্ধু মৃদুষ্মন্ত আৰু প্ৰণয়ে । “অনিমেষৰ সপোনৰ ন সোৱাদ" নামেৰে এখন ৰেষ্টুৰেণ্ট গঢ় দি শুক্ৰবাৰে আনুষ্ঠানিক শুভাৰম্ভ কৰিলে ।বিশিষ্ট অভিনেতা নেত্ৰকাই খ্যাত অৰুণ হাজৰিকাই ৰেষ্টুৰেণ্টৰ ফিটা কাটি শুভাৰম্ভ কৰাৰ লগতে অনিমেষৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি স্মৰণ কৰে অনিমেষৰ মাতৃ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক অভিৱৰ্তন গোস্বামীয়ে। সদ্য মুক্তি প্ৰাপ্ত মিচিং কথাছবি বোম্বা ৰাইডৰ মুখ্য অভিনেতা ইন্দজিৎ পেগুয়ে অনুষ্ঠানটিত অংশ গ্ৰহণ কৰি ৰেষ্টুৰেন্ট খনৰ মেনু উন্মোচন কৰে।অসমীয়া সংস্কৃতিৰ বিভিন্ন উপাদানেৰে অতি সুন্দৰভাৱে সজাইছে ৰেষ্টুৰেণ্টখন ৷ ফটো তুলি ভাল পোৱা অনিমেষৰ স্মৃতি জড়িত বিভিন্ন ফটোৰে এটি ফটো গেলাৰীৰ ব্যৱস্থা কৰি সংৰক্ষণ কৰাৰ প্ৰয়াস কৰিছে ৷ অনিমেষৰ বন্ধু মৃদুষ্মন্ত বৰুৱা আৰু প্ৰনয় দত্তই এই ৰেষ্টুৰেণ্টখনৰ যোগেদি সতেজ খাদ্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দি