বৰবাম বাগিচা ক্লাবত সজাগতা সভা সম্পন্ন

সদৌ অসম মহিলা সমিতিৰ শিৱসাগৰ জিলা সমিতিৰ অন্তৰ্গত আমগুৰি আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত দেওবাৰে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। বৰবাম বাগিচা ক্লাবত অনুষ্ঠিত কৰা হয় সজাগতা সভা খন। সামাজিক ব্যাধি ৰোধ বিষয়ত অনুষ্ঠিত হোৱা সজাগতা সভা খন পৰিচালনা কৰে কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী জয়া বুঢ়াগোহাঞিয়ে। এই অনুষ্ঠানতে কেইবাগৰাকীও সমাজ সচেতন লোকক সম্বৰ্ধনা জনায় বুলি জানিবলৈ দিছে সদৌ অসম মহিলা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদিকা ইন্দ্ৰানী ৰাজকুমাৰীয়ে।