কেন্দ্ৰীয় কেবিনেটে ৫ ৰাজ্যৰ ১২ জনগোষ্ঠীক দিয়া জনজাতিৰ তালিকাত অসমৰ ছয় জনগোষ্ঠীৰ নাম নথকাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে দল-সংগঠন সমূহে। অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ দল-সংগঠন সমূহ। অসমৰ ছয় জনগোষ্ঠীয়ে বহু বছৰ ধৰি প্ৰতিবাদ কৰাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে জনজাতিৰ মৰ্য্যদা প্ৰদান নকৰাক লৈ ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই ২৬ ছেপ্তেম্বৰ তাৰিখে ২৪ ঘন্টা অসম বন্ধ ঘোষণা কৰিছে । এই বন্ধ লৈ ৰাজ্যৰ প্ৰায় সমূহ জাতি জনগোষ্ঠীয় দল-সংগঠনে সমৰ্থন আগবঢ়োৱাৰ দৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও এই বন্ধক সমৰ্থন জনাব বুলি আজি মৰাণত জানিবলৈ সংগঠনটোৰ সম্পাদক পলাশ চাংমাইয়ে।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক গৰাকীয়ে কয়, চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক অতি সোনকালেই জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিব লাগে । ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্য্যদা প্ৰদানৰ দাবীত অসম অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দীৰ্ঘদিনৰ পৰা বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অহা বুলি কয় পলাশ চাংমাইয়ে। তেওঁ লগতে কয়, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কেৱল অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যদা প্ৰদান বিষয়টো ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ নকৰি কাৰ্যকৰী কৰক অতি শীঘ্ৰে।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  ৰহা শাখা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ছাত্ৰ ছাত্ৰী ৰ মাজত কুইজ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত। 
 
                      সদৌ অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ৰহা শাখাৰ উদ্যোগত আজি কুইজ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা...
                  
   फिल्मी अवतार में भगवान गणेश! | EMS TV 01-Sep-2022 
 
                      फिल्मी अवतार में भगवान गणेश! | EMS TV 01-Sep-2022
                  
   Asia Cup 2023 : हिंदुस्तान का तूफ़ान उड़ गया पाकिस्तान | India Vs Pakistan | Virat Kohli | Kl Rahul 
 
                      Asia Cup 2023 : हिंदुस्तान का तूफ़ान उड़ गया पाकिस्तान | India Vs Pakistan | Virat Kohli | Kl Rahul
                  
   निर्वाचन आयोग ने पार्टियों के दर्जे को लेकर समीक्षा शुरू की, CPI और NCP का सुना पक्ष 
 
                      नई दिल्ली, निर्वाचन आयोग ने 2019 के लोकसभा चुनाव में राजनीति दलों के प्रदर्शन के आधार पर...
                  
   ભાભર ના વેદાંત સ્કૂલમાં મહર્ષિ વાલ્મિકી જન્મ જયંતી ની ઉજવણી કરવામાં આવી 
 
                      ભાભર ના વેદાંત સ્કૂલમાં મહર્ષિ વાલ્મિકી જન્મ જયંતી ની ઉજવણી કરવામાં આવી
                  
   
  
  
   
  
   
   
  