কেন্দ্ৰীয় কেবিনেটে ৫ ৰাজ্যৰ ১২ জনগোষ্ঠীক দিয়া জনজাতিৰ তালিকাত অসমৰ ছয় জনগোষ্ঠীৰ নাম নথকাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে দল-সংগঠন সমূহে। অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ দল-সংগঠন সমূহ। অসমৰ ছয় জনগোষ্ঠীয়ে বহু বছৰ ধৰি প্ৰতিবাদ কৰাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে জনজাতিৰ মৰ্য্যদা প্ৰদান নকৰাক লৈ ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই ২৬ ছেপ্তেম্বৰ তাৰিখে ২৪ ঘন্টা অসম বন্ধ ঘোষণা কৰিছে । এই বন্ধ লৈ ৰাজ্যৰ প্ৰায় সমূহ জাতি জনগোষ্ঠীয় দল-সংগঠনে সমৰ্থন আগবঢ়োৱাৰ দৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও এই বন্ধক সমৰ্থন জনাব বুলি আজি মৰাণত জানিবলৈ সংগঠনটোৰ সম্পাদক পলাশ চাংমাইয়ে।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক গৰাকীয়ে কয়, চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক অতি সোনকালেই জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিব লাগে । ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্য্যদা প্ৰদানৰ দাবীত অসম অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দীৰ্ঘদিনৰ পৰা বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অহা বুলি কয় পলাশ চাংমাইয়ে। তেওঁ লগতে কয়, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কেৱল অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যদা প্ৰদান বিষয়টো ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ নকৰি কাৰ্যকৰী কৰক অতি শীঘ্ৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Felicitation pogramme HSLC & HS Final Examination,2022
Securing first division students at Udalguri college Auditorium hall, UdalguriDate 28th...
Pakistan entertainment industry: पाकिस्तान में कार्यवाहक सरकार ने लागू किया नया कानून (BBC Hindi)
Pakistan entertainment industry: पाकिस्तान में कार्यवाहक सरकार ने लागू किया नया कानून (BBC Hindi)
પાવીજેતપુર હાઈસ્કૂલમાં શિક્ષક દિનમાં ૩૭૦ બાળકોએ ભાગ લીધો
પાવીજેતપુર તાલુકાના ભેંસાવહી ગામના ભેંસા કોતરમાંથી ૭.૫ ફૂટનો મગર પકડાયો
...
গৰীয়া মৰীয়া পৰিষদ জিলা সম্পাদকৰ প্ৰতিক্ৰিয়া
ড্ৰাগছৰ বিৰুদ্ধে ডিগবৈত প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীক আৰক্ষীয়ে পহাৰ কৰা ঘটনাক মৰাণৰ প্ৰতিক্ৰিয়াৰ...