বিগত কেইবছৰো ধৰি শাসকীয় দলৰ তৰফৰ পৰা আমাৰ কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলক তেওঁলোকৰ দললৈ আমন্ত্ৰণ নিমন্ত্ৰণ জনাই আছে। ইতিমধ্যে উজনিৰ কেইবাজনো আহোম জনগোষ্ঠীয় নেতাই গেৰুৱা বসন পিন্ধি ভাৰতীয় জনতা পাৰ্টিটো যোগদান কৰিছে। ২-৪ জনে কংগ্ৰেছ দলৰ দিনত বিভিন্ন চাকৰি কৰি নিৰপেক্ষতা দেখুৱালেও এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ ৰাজ্যৰ শাসনলৈ অহাৰ পাছত তাৎক্ষণিকভাৱে পূৰ্বৰ পোছাক সলাই বিজেপি দলৰ বিয়াগোম নেতা হৈছে।
কেইজনমানে জাতীয়তাবাদী সংগঠন কৰি ৰাজপথলৈ বিভিন্ন জাতি জনগোষ্ঠীক যোৱা সময়ছোৱাত ধৰ্ণা প্ৰতিবাদ কৰিবলৈ নি যিসমূহ কামৰ প্ৰতিবাদ কৰিছিল সেইসমূহৰ সমাধান উলিয়াবলৈ যত্ন নকৰি বিজেপিত যোগদান কৰিছে। উজনিৰ কেইজনমান শাসকীয় দলৰ নেতাই আমাৰ দলৰ বিভিন্ন পৰ্যায়ৰ নেতাসকলৰ ঘৰলৈ বিভিন্ন অজুহাতত যাবলৈ আৰম্ভ কৰিছে আৰু মই ভাৰতীয় জনতা পাৰ্টীলৈ আহি আছো বুলি আজি ২-৩ বছৰ ধৰি একেৰাহে প্ৰচাৰ চলাই আছে।
তেওঁলোকৰ জিভাখন নষ্ট হওক ভগৱানক এই প্ৰাৰ্থনা জনাইছোঁ। আনকি মই গম পাইছোঁ কংগ্ৰেছৰ কোনোবা কৰ্মীৰ মাক দেউতাকৰ মৰাৰ সকাম খাবলৈ গৈও মই বিজেপি দললৈ যাম বুলি মৰা সকামত আলোচনা কৰা পোক ওলাইছে। আৰু এনে ধৰণৰ কেতবোৰ বিজেপি নেতাৰ মুখৰ কথা শুনি আমাৰ এচামে মোক অহৰ্নিশে আক্ৰমণ কৰি থাকে। আনকি মোৰ পৰা দুই পইচা নাপালে বেমাৰ দেখাব নোৱাৰি মৰি যাম মৰি যাম বুলি কোৱা কেইটাইও এতিয়া মোৰ পইচাৰে বেমাৰ দেখাই মোক আক্ৰমণ কৰিবলৈ লাগি গৈছে। মই ভাৰতীয় জনতা পাৰ্টীলৈ যোৱাৰ কথা একেবাৰে চিন্তা কৰা নাই। যিসকলে এনে অপপ্ৰচাৰ কৰি আছে তেওঁলোকক ধিক্কাৰ জনাইছোঁ।