চৰাইদেউ জিলা সমাজ কল্যাণ বিভাগৰ অধীনস্থ অভয়পুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত যোৱা ২১ ছেপ্তেম্বৰ তাৰিখে সোণাৰি বাগিছা আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰত পোষণ অভিযানৰ পোষণ মেলা আৰু পৰিপুষ্টি সজাগতা সভা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানৰ সতে সংগতি ৰাখি পুষ্টি সজাগতা, শোভাযাত্ৰা, শপত বাক্য পাঠ, বৃক্ষৰোপণ, হাতধোৱাৰ কৌশল আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানটিত সহকাৰী আয়ুক্তদ্বয় জাহ্নৱী গোস্বামী আৰু সুপ্ৰভা ৰয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া জাহ্নৱী গোস্বামীয়ে পোষণ মেলাৰ প্ৰদৰ্শনী দ্বাৰ মুকলি কৰে।

অনুষ্ঠানৰ লগত সংগতি ৰাখি পঞ্চামৃত আৰু অন্নপ্ৰাসন্ন কাৰ্যসূচীও আয়োজিত হয়। এই কাৰ্যসূচীত সহকাৰী আয়ুক্তদ্বয়ৰ লগতে অভয়পুৰ প্ৰকল্পৰ বিষয়া মিৰাণ্ডা সোণোৱাল আৰু মুখ্যসেৱিকাসকলো উপস্থিত থাকে। উক্ত সভাত শিশু, কিশোৰী আৰু মহিলাৰ স্বাস্থ্য সজাগতা সম্পৰ্কত বিশদভাৱে আলোচনা কৰা হয়। অঙ্গনবাড়ী কৰ্মী-সহায়িকাসকলে ঝুমুৰ আৰু বিহু নৃত্যৰে অনুষ্ঠানটিৰ শোভাবৰ্ধন কৰে। অংগনবাড়ী কৰ্মী দীপামণি ফুকনে আঁত ধৰা অনুষ্ঠানটিত অভয়পুৰ প্ৰকল্পৰ মুখ্যসেৱিকাসকলৰ লগতে পৰিসাংখ্যিক সহায়ক অমৰজিৎ তাচা, পোষণ অভিযানৰ খণ্ড সহায়ক তৃষ্ণা বৰগোহাঁই আৰু ভালেসংখ্যক অঙ্গনবাড়ী কৰ্মী-সহায়িকা উপস্থিত থাকে।