চৰাইদেউ জিলাৰ মৰাণত কাইলৈৰ পৰা অনুষ্ঠিত হ’ব অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ আন্তঃজিলা ফুটবল প্ৰতিযোগিতা৷ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত চৰাইদেউ জিলা সমিতিয়ে প্ৰতিষ্ঠাপক সভাপতি তথা অসম চৰকাৰৰ প্ৰাক্তন ক্ৰীড়া মন্ত্ৰী প্ৰবীণ কুমাৰ গগৈ সোঁৱৰণীত প্ৰথম বাৰৰ বাবে আয়োজন কৰা প্ৰতিযোগিতাখনত সৰ্বমুঠ ১৫ টা জিলা দলে অংশগ্ৰহণ নিশ্চিত কৰিছে৷ কাইলৈ বিয়লি ২-৩০ বজাত মৰাণ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত মৰাণ জিলা দলে বোকাখাট জিলাৰ সৈতে প্ৰতিদ্বন্দ্বিতাত আগবঢ়াব৷ মৰাণ মহাবিদ্যালয় খেলপথাৰৰ উপৰিও অইল ইণ্ডিয়া খেলপথাৰ, চেপন ৰাজহুৱা খেলপথাৰ আৰু ধমন ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাখনত মৰাণ, বোকাখাট, চৰাইদেউ, শিৱসাগৰ, কাৰ্বি আংলং, যোৰহাট, তেজপুৰ, বজালী, ধেমাজী, গোলাঘাট, নগাঁও, গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়া আৰু উত্তৰ লক্ষিমপুৰ জিলা দলে অংশগ্ৰহণ কৰিছে৷ প্ৰতিযোগিতাৰ চুড়ান্ত বিজয়ী দলটোৱে প্ৰবীণ কুমাৰ গগৈ সোঁৱৰণী বঁটাসহ নগদ ৫০ হাজাৰ টকা আৰু ৰাৰ্ণাচআপ দলে গকুল চেতিয়া সোঁৱৰণী বঁটাসহ নগদ ৩০ হাজাৰ টকা লাভ কৰিব বুলি খেল পৰিচালনা সমিতিৰ সম্পাদক দিগন্ত গগৈয়ে জানিবলৈ দিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ધારાસભ્ય બન્યા બસ ડ્રાઈવર....
ધારાસભ્ય બન્યા બસ ડ્રાઈવર: ડીસામાં ધારાસભ્યએ જાતે બસ ચલાવીને સાંસદ, પૂર્વ ધારાસભ્ય, પૂર્વ ચેરમેન...
उद्धव ठाकरे अहंकारी असून महानगरपालिकेत त्यांना त्यांची जागा दिसेल- नवनीत राणा | Navneet Rana
उद्धव ठाकरे अहंकारी असून महानगरपालिकेत त्यांना त्यांची जागा दिसेल- नवनीत राणा | Navneet Rana
AAJTAK 2। AQUARIUS HOROSCOPE। ZODIAC TODAY | कुंभ राशि । आज का राशिफल | AAJ KA RASHIFAL|04 OCT 2023
AAJTAK 2। AQUARIUS HOROSCOPE। ZODIAC TODAY | कुंभ राशि । आज का राशिफल | AAJ KA RASHIFAL|04 OCT 2023
শোণিতপুৰৰ চাৰিদুৱাৰত সুৰাপায়ী চালক আৰু নিয়ম নমনা চালকসকলৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে তিব্ৰতৰ অভিযান।
শোণিতপুৰৰ চাৰিদুৱাৰত সুৰাপায়ী চালক আৰু নিয়ম নমনা চালকসকলৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে তিব্ৰতৰ অভিযান।
मुख्यमंत्री डॉ. मोहन यादव का आगमन कल
मुख्यमंत्री डॉ. मोहन यादव रविवार, 25 अगस्त को पन्ना आएंगे। मुख्यमंत्री खजुराहो विमानतल से...