চৰাইদেউ জিলাৰ মৰাণত কাইলৈৰ পৰা অনুষ্ঠিত হ’ব অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ আন্তঃজিলা ফুটবল প্ৰতিযোগিতা৷ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত চৰাইদেউ জিলা সমিতিয়ে প্ৰতিষ্ঠাপক সভাপতি তথা অসম চৰকাৰৰ প্ৰাক্তন ক্ৰীড়া মন্ত্ৰী প্ৰবীণ কুমাৰ গগৈ সোঁৱৰণীত প্ৰথম বাৰৰ বাবে আয়োজন কৰা প্ৰতিযোগিতাখনত সৰ্বমুঠ ১৫ টা জিলা দলে অংশগ্ৰহণ নিশ্চিত কৰিছে৷ কাইলৈ বিয়লি ২-৩০ বজাত মৰাণ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত মৰাণ জিলা দলে বোকাখাট জিলাৰ সৈতে প্ৰতিদ্বন্দ্বিতাত আগবঢ়াব৷ মৰাণ মহাবিদ্যালয় খেলপথাৰৰ উপৰিও অইল ইণ্ডিয়া খেলপথাৰ, চেপন ৰাজহুৱা খেলপথাৰ আৰু ধমন ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাখনত মৰাণ, বোকাখাট, চৰাইদেউ, শিৱসাগৰ, কাৰ্বি আংলং, যোৰহাট, তেজপুৰ, বজালী, ধেমাজী, গোলাঘাট, নগাঁও, গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়া আৰু উত্তৰ লক্ষিমপুৰ জিলা দলে অংশগ্ৰহণ কৰিছে৷ প্ৰতিযোগিতাৰ চুড়ান্ত বিজয়ী দলটোৱে প্ৰবীণ কুমাৰ গগৈ সোঁৱৰণী বঁটাসহ নগদ ৫০ হাজাৰ টকা আৰু ৰাৰ্ণাচআপ দলে গকুল চেতিয়া সোঁৱৰণী বঁটাসহ নগদ ৩০ হাজাৰ টকা লাভ কৰিব বুলি খেল পৰিচালনা সমিতিৰ সম্পাদক দিগন্ত গগৈয়ে জানিবলৈ দিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Gadhada||નગરપાલિકાના સફાઈકર્મીના હડતાલને મામલે વિવિધ જગ્યાએ ગંદકી અને કચરાના થર જામ્યા #news #strike
Gadhada||નગરપાલિકાના સફાઈકર્મીના હડતાલને મામલે વિવિધ જગ્યાએ ગંદકી અને કચરાના થર જામ્યા #news #strike
গোগামুখ চুমনি নাহৰবাৰী লত্তাত সামৰণি পৰিল অষ্টম মিচিং যুৱ মহোৎসৱ আৰু টি,এম,পি,কে'ৰ সোণালী জয়ন্তী অনুষ্ঠানৰ।
#মুকলি সভাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে লাডাখৰ পৰিৱেশ বিজ্ঞানী চনম ৱাংচুক,শিক্ষা মন্ত্ৰী ৰণোজ পেগু,সাংসদ প্ৰদান বৰুৱা,বিধায়ক নৱকুমাৰ দলে,ভূৱন গা
গোগামুখ চুমনি নাহৰবাৰী লত্তাত সামৰণি পৰিল অষ্টম মিচিং যুৱ মহোৎসৱ আৰু টি,এম,পি,কে'ৰ সোণালী জয়ন্তী...
ડીસામાં એ.ટી.એમ.માં પાછળ ઉભેલા શખ્સે કાર્ડ બદલી રૂપિયા ઉપાડી ફરાર થઇ જતાં ચકચાર
ડીસા એસબીઆઇના ATMમાં પૈસા ઉપાડવા ગયેલ એક શિક્ષિકાનું એટીએમ કાર્ડ બદલી અજાણ્યા શખ્સો 99,200 રૂપિયા...
अंगणवाडी इमारतीसाठी बेलगाव वस्तीवरील नागरिक आक्रमक@india report
अंगणवाडी इमारतीसाठी बेलगाव वस्तीवरील नागरिक आक्रमक@india report
શેખડી પ્રાથમિક શાળામાં પ્રજાસત્તાક પર્વની ઉજવણી
પેટલાદ તાલુકાના શેખડી ગામે પ્રાથમિક શાળામાં પ્રજાસત્તાક પર્વની ઉજવણી કરવામાં આવી હતી....