ঢকুৱাখনাৰ বালি দেউৰীত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী ইনুপ্ৰভা দেউৰী হৈ নিৰ্বাচনী প্ৰচাৰ সাংসদ প্ৰদান বৰুৱা, বিধায়ক নৱকুমাৰ দলেৰ।

সমাগত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক লৈ চলিছে ব্যাপক প্ৰচাৰ অভিযান।

আজি বালি দেউৰীত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ৯ নং দেউৰী পৰিষদৰ সমষ্টিৰ নিৰ্বাচনত মিত্ৰজোট সমৰ্থিত বিজেপি প্ৰাৰ্থী ইনুপ্ৰভা দেউৰী হৈ নিৰ্বাচনী প্ৰচাৰ চলায় লখিমপুৰ জিলাৰ সাংসদ প্ৰদান বৰুৱা আৰু ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ উপ সভাপতি তথা ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱকুমাৰ দলেৰ।

দেউৰী স্বায়ত্ব শাসিত পৰিষদীয় অঞ্চলত দ্ৰুত উন্নয়নৰ বাবে এখন শক্তিশালী, সু-সংগঠিত দেউৰী স্বায়ত্তশাসিত পৰিষদ গঠন কৰিবলৈ সকলোকে পদুমৰ চিনত ভোট প্ৰদান কৰি মিত্ৰজোটৰ প্ৰাৰ্থী ইনুপ্ৰভা দেউৰীক জয়যুক্ত কৰিবলৈ আহ্বান জনায় সাংসদ আৰু বিধায়ক গৰাকীয়ে।