২৩ ছেপ্তেম্বৰ, কাইলৈ অৰ্থাৎ শুকুৰবাৰে আক্ৰাছুৰ বলোৰাম গোটে ২৪ ঘন্টীয়া অসম বন্ধৰ আহ্বান জনাইছে। 

ৰাতিপুৱা পাঁচ বজাৰ পৰা ২৪ ছেপ্তম্বৰৰ পুৱা পাঁচ বজালৈ সংগঠনটোৱে অসম বন্ধ দিছে। 

এক প্ৰেছ বিবৃতিৰ যোগে এই কথা প্ৰকাশ কৰিছে সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুনাধৰ ৰায়ে

বিবৃতিটোত উল্লেখ কৰা মতে ২১ ছেপ্তেম্বৰৰ সন্ধিয়া অসম চৰকাৰে আলোচনাৰ বাবে ছয় জনগোষ্ঠীৰ নেতৃত্বক মাতি নি মুখ্যমন্ত্ৰী উপস্থিত নথকাৰ অজুহাত দেখুৱাই আলোচনাত বিধি পথালি দিয়ে। সেয়ে তেওঁলোকে এই বন্ধ দিছ।

অৱশ্যে বন্ধৰ পৰা পৰীক্ষা, জৰুৰীকালিন সেৱা ৰেহাই দিয়া বুলি বিবৃতিটোত উল্লেখ কৰিছে।