চৰাইদেউ জিলাত ৰাজহ মন্ত্ৰীৰ দ্বাৰা হিতাধিকাৰীক ফ্ল'ৰ মিল বিতৰণ

 অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে যোৱা ২১ ছেপ্টেম্বৰ তাৰিখে চৰাইদেউ জিলাৰ মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ অধীনত অনুসূচীত জনজাতি উন্নয়ন পৰিষদৰ অধ্যক্ষৰ দ্বাৰা অনুমোদিত ছটা ফ্ল'ৰ মিল (পুলভাৰাইজাৰ) অনুসূচীত জনজাতিৰ হিতাধিকাৰী সকলৰ মাজত বিতৰণ কৰে। উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এই কাৰ্যসূচীত উপায়ুক্ত পল বৰুৱা, অতিৰিক্ত উপায়ুক্ত মৌচুমী চেতিয়া প্ৰমুখ্যে বিশিষ্ট সমাজকৰ্মী মণ্টু কোঁৱৰ, লক্ষীনাথ তাছা, ৰাজেন গগৈৰ লগতে হিতাধিকাৰীসকল উপস্থিত থাকে।

ফ্ল'ৰ মিল (পুলভাৰাইজাৰ) লাভ কৰা ছগৰাকী হিতাধিকাৰী হ'ল ক্ৰমে- ললিতা বসুমতাৰী, মুনিন খাকলাৰী, প্ৰবীণ দৈমাৰী, দীপ্তি সোণোৱাল, বাবুল দেউৰী আৰু জিতুমণি টাইড।