নাৰায়ণপুৰ পৌৰসভাই প্লাষ্টিকৰ বিৰুদ্ধে তীব্ৰতৰ কৰি তুলিছে অভিযান ৷ পৌৰসভাখনৰ অন্তৰ্গত প্ৰতিখন ব্যৱসায় প্ৰতিষ্ঠানক প্ৰথমে প্লাষ্টিকৰ বেগ আৰু  সামগ্ৰী বিক্ৰীৰ বিৰুদ্ধে নিষেধাজ্ঞা জাননী জাৰি কৰাৰ অন্তত সম্প্ৰতি পৌৰসভাখনে আৰম্ভ কৰি তালাচী অভিযান ৷ আজিৰ দিনটোত পৌৰসভাখনৰ অন্তৰ্গত ৭৬ খন ব্যৱসায়ী প্ৰতিষ্ঠানত পৰিদৰ্শন কৰি জব্দ কৰে ৪:৫ কিলোগ্ৰাম প্লাষ্টিকৰ বেগ ৷ আৰু ১৬০০ টকা জৰিমনা সংগ্ৰহ কৰে ৷ পৌৰসভাখনৰ এই অভিযানে নাৰায়ণপুৰক প্লাষ্টিক মুক্ত কৰিবলৈ সক্ষম হোৱাৰ আশা কৰিছে সচেতন সমাজে ৷