চিলাপথাৰত ডিমৌ নৈৰ ওপৰত পকী দলঙ নিৰ্মাণৰ দাবীত দহ শতাধিক ৰাইজৰ প্ৰতিবাদত কপিল ডিমৌ নৈ ৰ পাৰ

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

চিলাপথাৰ, ২২ ছেপ্টেম্বৰঃ জোনাই সমষ্টিৰ চিচিবৰগাওঁ ৰাজহ চক্ৰৰ চিলাসুতি পঞ্চায়তৰ বৃহত্তৰ অঞ্চলৰ মাজেৰে বৈ যোৱা ডিমৌ নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ দাবীত আজি শ শ বানবিদস্ত গঞাই ৰূপায়ন কৰে এক প্ৰতিবাদী কাৰ্যসূচীত । স্বাধীনতাৰ ৭৬ বছৰৰ পিছতো এখন দলঙ নিৰ্মাণ নহ'ল চিলাসুতি পঞ্চায়তৰ আৰ্চি মাজৰবাৰী-শিৱনগৰ সংযোগী পথৰ ওপৰত। দলঙৰ অভাৱত জীয়াতু ভোগীবলগীয়া হৈছে অঞ্চলটোৰ দুইকুৰি গাওঁৰ বানবিধস্ত ৰাইজে। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আৰ্চি মাজৰবাৰী পৰা শিৱনগৰ হৈ চিমেনমুখ আৰু মুক্তিয়াৰ অঞ্চলৰ দুকুৰিতকৈ অধিক গাঁৱৰ ৰাইজে অহা যোৱা কৰা চাবচেন্টাৰ পৰা চিমেনমূখৰ সাপ্তাহিক কুলিবজাৰলৈকে যাতায়াত সংযোগ কৰা প্ৰধানমন্ত্ৰী গ্ৰাম্য পথৰ মাজত থকা ডিমৌ নৈৰ ওপৰত দীৰ্ঘদিনৰ পৰা এখন পকী দলঙ নথকাৰ ফলত জীয়াতু ভুগী আহিছে সৰ্বসাধাৰণ ৰাইজে । দলঙ নিৰ্মাণত কাণসাৰ নাই বিভাগীয় চৰকাৰ তথা স্হানীয় বিধায়ক ভূৱন পেগু সাংসদ প্ৰদান বৰুৱাৰ । যাতায়ত হাৰাশাস্তি ভুগি অহা ৰাইজে আজি চৰকাৰী অবহেলা অৱজ্ঞাৰ প্ৰতিবাদৰ বাবে ৰাইজে ডিমৌ নৈত এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী সকলে দলং আমাক লাগিবই, ন দলং ন ভোট,আমাৰ দাবী মানিবই লাগিব আদি শ্লোগানৰে উত্তাল কৰি তোলে সমূগ্ৰ পৰিৱেশ। ৰাইজে ডিমৌ নৈৰ ওপৰত শীঘ্ৰেই দলঙৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী অঞ্চলটোৰ প্ৰায় দহ সহস্ৰাধিক বান বিদস্ত ৰাইজে ভাগ লয় ।