আজি মৰাণৰ "জ্যোতিপুৰ সাংস্কৃতিক মঞ্চ"ই মৰাণৰ উদীয়মান টাইকোৱাণ্ডো খেলুৱৈ, জ্যোতিপুৰ অঞ্চলৰ বাসিন্দা শ্ৰীপ্ৰকাশ কোঁৱৰ আৰু ঝৰ্ণা সন্দিকৈ কোৱৰৰ কণ্যা আৰাধ্যা কোঁৱৰক সম্বৰ্ধণা জনায়।

           আৰাধ্যা কোঁৱৰে ৰাষ্টীয় পৰ্য্যায়ত মহাৰাষ্ট্ৰৰ নাচিকত ছত্ৰপতি শিৱাজী ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা Cadet kyorugi Female Under 33 Kgত 2nd kids Championship of Champion টাইকোৱাণ্ডো ২০২৪/২০২৫ত অসমক প্ৰতিনিধিত্ব কৰি স্বৰ্ণপদক সহপ্ৰথম স্থান দখল কৰি অসম তথা মৰাণলৈ গৌৰৱ কঢ়িয়াই আনি মৰাণৰ জ্যোতিপুৰ অঞ্চলবাসীকো গৌৰাৱান্বিত কৰিছে।