নিযুক্তিৰ দাবীত বিভাগীয় কাৰ্যবাহী অভিযন্তাক স্মাৰক পত্ৰ প্ৰদান পি, এইচ,ই, অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ।

 জনস্বাস্থ্য কাৰিকৰী বিভাগ, মঙ্গলদৈ সংমণ্ডলৰ অধীনত জিলা খনৰ বিভিন্ন প্ৰান্তৰ আঁচনিত বছৰ বছৰ ধৰি বিনা বেতনে কৰ্মৰত কৰ্মচাৰী সকলক চৰম প্ৰতাৰণা কৰাৰ অভিযোগ কৰিছে পি, এইচ, ই, অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদে। পৰিষদৰ সভাপতি ভূপেন বৰুৱা আৰু সম্পাদক দিব্যজ্যোতি ডেকা স্বাক্ষৰিত এক বিবৃত্তিত উল্লেখ কৰা মতে শেহতীয়াকৈ অসম চৰকাৰে বিভিন্ন আঁচনিত নিয়োজিত হৈ থকা কৰ্মচাৰী সকলক একোখনকৈ ওৱাটাৰ ইউজাৰ কমিটীৰ জৰিয়তে " জলমিত্ৰ" হিচাবে নিয়োগ কৰি মাহে ৬৫০০ টকাকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিটো পৰিষদে মানি ল'ব বিচৰা নাই। সেয়েহে শ্ৰমিক কৰ্মচাৰী পৰিষদে বিনাবেতনে কাম কৰি অহা কৰ্মচাৰীসকলক স্থায়ী নিযুক্তি প্ৰদান কৰা, " জলমিত্ৰ" হিচাবে চৰকাৰে প্ৰদান কৰিব বিচৰা নিযুক্তি পত্ৰ গ্ৰহণ নকৰা, ২০১৫ চনৰ পৰা বিনাবেতনে কাম কৰি অহা কৰ্মচাৰীৰ বকেয়া ধন মোকলাই দিয়া আদি কেইবাটাও দাবী সম্বলিত এক স্মাৰক পত্ৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ, মঙ্গলদৈ সংমণ্ডলৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তাৰ হাতত অৰ্পণ কৰে।