মাজুলীত অংকীয়া ভাওনা সমাৰোহৰ আয়োজন 

মাজুলীৰ শ্ৰী শ্ৰী চামগুৰি সত্ৰ আৰু হৰিদাস বনিয়া আতৈ আৰ্থ সামাজিক উন্নয়ন খণ্ডৰ উদ্যোগত চলিত বৰ্ষৰ ডিচেম্বৰ মাহত অংকীয়া ভাওঁনা সমাৰোহৰ আয়োজন কৰিছে ৷ এই উপলক্ষে চামগুৰি বনীয়া গাঁৱৰ শংকৰমাধৱ কিৰ্ত্তণ গৃহত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ প্ৰশাসক প্ৰশান্ত ভৰালীয়ে আঁট ধৰা অনুষ্ঠানত অংকীয়া ভাঁওনা অনুষ্ঠিত কৰা সম্পৰ্কে প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ এই সমাৰোহত মহাপুৰুষ জনাৰ ছয় খনকৈ অংকীয়া নাটৰ পৰ্দশিত কৰাৰ লগতে বিভিন্ন জনে ৰচনা কৰা অংকীয়া নাটৰ পৰ্দশন আমন্ত্ৰিত অতিথিৰ দ্বাৰা অনুষ্ঠিত হব। উদযাপন সমিতিয়ে অসমবাসী ৰাইজৰ পূৰ্ণ সহযোগিতাৰ কামনা কৰিছে।