মৰিগাঁৱৰ মনোৰম প্ৰাকৃতিক পৰিবেশৰে ভৰপুৰ চাৰণ বিলৰ কেন'য়িং আৰু কায়াকিং প্ৰশিক্ষণ কেন্দ্ৰৰ ধাৰাবাহিক সফলতাই আনন্দৰ জোৱাৰ আনিছে অসমৰ জলক্ৰীড়াৰ একমাত্ৰ প্ৰশিক্ষণ কেন্দ্ৰটোলৈ । ২০০৭ চনতেই ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সময়ত ঐতিহাসিক চাৰণ বিলত স্থাপিত কেনয়িং আৰু কায়াকিং প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা বৰ্তমানলৈকে ৰাষ্ট্ৰীয় পৰ্যায়ত ৬৪ জন খেলুৱৈয়ে ১১৬ টাকৈ পদক পাবলৈ সক্ষম হৈছে। কোনোধৰণৰ চৰকাৰী সুবিধাৰ অবিহনেই প্ৰশিক্ষক অনন্ত বৰঠাকুৰৰ প্ৰচেষ্টাত আজি উজলি উঠিছে জলক্ৰীড়াৰ কেন্দ্ৰতো। পদক প্ৰাপ্তিৰে গৌৰৱ কঢ়িয়াই অনা প্ৰশিক্ষণ কেন্দ্ৰটো এতিয়া বহুজনৰ বাবে হৈ পৰিছে জীৱন আৰু জীবিকাৰ আশাভৰষাৰ স্থল। উল্লেখযে এটকাও খৰছ নকৰাকৈ অতিশয় দুখীয়া লৰাছোৱালীবোৰে প্ৰশিক্ষক অনন্ত বৰঠাকুৰৰ নেতৃত্বত দৈনিক কঠোৰ প্ৰশিক্ষণ লৈ এহাতে যিদৰে ক্ৰীড়াৰ ক্ষেত্ৰখনত ৰাজ্যৰ নাম উজ্জ্বলাই তুলিছে ঠিকসেইদৰে যোগ্যতাৰে চৰকাৰী চাকৰি পাবলৈও সক্ষম হৈছে। কেন'য়িং আৰু কায়াকিঙৰ এই কেন্দ্ৰটোৰ পৰা বৰ্তমানলৈকে ৪০ জন খেলুৱৈয়ে অসম আৰক্ষী আৰু সেনাবাহিনীত নিযুক্তি পাবলৈ সক্ষম হৈছে । বিশেষকৈ চলিত বৰ্ষৰ এপ্ৰিলত পাঁচ জনকৈ সুদক্ষ খেলুৱৈয়ে অসম আৰক্ষীত নিযুক্তি লাভ কৰাৰ পিছত আজি ঘোষিত অসম আৰক্ষীৰ কামাণ্ডোটো পাঁচজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ পদকপ্ৰাপ্ত খেলুৱৈয়ে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। অতিশয় দৰিদ্ৰ পৰিয়ালৰ এইসকল খেলুৱৈয়ে এনেদৰে চাকৰিত নিযুক্তি পোৱাত এতিয়া সমগ্ৰ অঞ্চলটোতে একপ্ৰকাৰ আনন্দৰ জোৱাৰ উঠিছে। স্বাভাৱিকতেই প্ৰশিক্ষক অনন্ত বৰঠাকুৰক অঞ্চলবাসীয়ে শুভেচ্ছাৰে উপচাই দিয়াৰ লগতে প্ৰশিক্ষক গৰাকীৰ চাকৰিটো নিয়মীয়া কৰাৰ লগতে কেনয়িং আৰু কায়াকিং কেন্দ্ৰটোৰ উন্নয়ন সাধনৰ দাবী কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
निर्जला एकादशी पर्व पर पिलाया ठंडा नींबू पानी और ठंडा शीतल जल
बालोतरा । निर्जला एकादशी पर्व पर बंशीलाल रावतमल जी सेठिया परिवार बालोतरा की ओर से बालोतरा रेलवे...
प्रधानमंत्री के जन्मदिन के अवसर पर आज संख्यालघु मोर्चा के तत्त्वाधान में कोविड टीकाकरण कार्यक्रम
प्रधानमंत्री के जन्मदिन के अवसर पर आज संख्यालघु मोर्चा के तत्त्वाधान में कोविड टीकाकरण कार्यक्रम
HP ने गेमर्स के लिए लॉन्च किये 2 तगड़े गेमिंग लैपटॉप, पावरफुल प्रोसेसर के साथ मिलेगी 32GB रैम; जानें कीमत
HP Omen 16 and Victus 16 Laptops Launched नए विक्टस मॉडल में पहली बार आरजीबी कीबोर्ड के साथ पेश...
સાથી હાથ બઢાના સાથી રે, એક અકેલા થક જાયેગા, મિલકર બોજ ઉઠાના : પાવી જેતપુરના દારુણ ગરીબીમાં જીવતા ખેડૂત સ્વમાનભેર જાતે હળ ચલાવવા મજબૂર
સાથી હાથ બઢાના સાથી રે, એક અકેલા થક જાયેગા, મિલકર બોજ ઉઠાના : પાવી જેતપુરના દારુણ ગરીબીમાં જીવતા...