এগৰাকী সুঠাম,কৰ্মক্ষম যুৱক। নাম পিংকু গগৈ। ঘিলামৰা থানাৰ অন্তৰ্গত ধেনুখণা হিলৈদাৰী গাঁওৰ টিকেন্দ্ৰ গগৈৰ ২৭ বছৰীয়া পুত্ৰ পিংকুৱে যোৱা নিশা কেইজনমান সতীৰ্থৰ সৈতে গাঁওৰে এঘৰত সমূহীয়া আহাৰ গ্ৰহণ কৰিবলৈ ঘৰৰ পৰা ওলাই অহাৰ পৰৱৰ্তী সময়ত যুৱকজনৰ নিথৰ দেহ ৰাজপথৰ ওপৰত উদ্ধাৰ হোৱাকলৈ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলজুৰি ৷ ঘটনা সন্দৰ্ভত ঘিলামৰা আৰক্ষীৰ বিৱৰণি অনুসৰি বৃহস্পতিবাৰে পুৱতি নিশা ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বাটমাৰী- মাছখোৱা সংযোগী বাপাৰাম গড়কাপ্তানী পথৰ ১ নং বাটমাৰী গাঁওৰ হৰি মন্দিৰৰ সন্মুখত পিংকুৰ মৃতদেহ পথচাৰীয়ে প্ৰত্যক্ষ কৰে ৷ পৰৱৰ্তী সময়ত ঘিলামৰা আৰক্ষীয়ে গৈ পথৰ দাঁতিত পৰি থকা নিথৰ দেহটো উদ্ধাৰ কৰি থানালৈ আনে।লগতে দূৰৈত এটা হেলমেট আৰু এখন টি ভি এছ বাইক উদ্ধাৰ কৰে ৷ মূৰত প্ৰচণ্ড আঘাট পাই ৰাজপথ ৰঞ্জিত হোৱা থুলন্তৰ যুৱকজনৰ এনে অস্বাভাৱিক মৃত্যুক লৈ সন্দেহৰ সৃষ্টি হৈছে । সন্দেহৰ আঙুলি উঠিছে ঘটনাৰ সময়ত লগত থকা সতীৰ্থ সকললৈ ৷মৃত্যুৰ প্ৰকৃত কাৰণ আৰক্ষীৰ সঠিক তদন্তৰ পাছতহে পোহৰলৈ আহিব । অন্যহাতে এগৰাকী মিষ্টভাষী যুৱকৰ অস্বাভাৱিক মৃত্যুক সহজভাৱে লব পৰা নাই মৃতকৰ পৰিয়ালে । সমগ্ৰ অঞ্চলটোত শোকাছন্ন কৰি তুলিছে পিংকুৰ মৃত্যুৰ বাতৰিয়ে।আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চৰাইদেউ জিলা কাৰাগাৰত চিকিৎসা শিবিৰ
চৰাইদেউ জিলা কাৰাগাৰত চিকিৎসা শিবিৰ
ৰাষ্ট্ৰীয় আয়ুস অভিযানৰ অধীনত, ভাৰতীয় যোগ সংস্কৃতি...
નડાબેટમાં 44 વિદ્યાર્થીનીઓને ભમરા કરડયા | SatyaNirbhay News Channel
નડાબેટમાં 44 વિદ્યાર્થીનીઓને ભમરા કરડયા | SatyaNirbhay News Channel
વડોદરા શહેરના તરસાલી તળવામાંથી અજાણ્યા શખ્સનો મૃતદેહ મળી આવ્યો
વડોદરા શહેરના તરસાલી તળવામાંથી અજાણ્યા શખ્સનો મૃતદેહ મળી આવ્યો