এগৰাকী সুঠাম,কৰ্মক্ষম যুৱক। নাম পিংকু গগৈ। ঘিলামৰা থানাৰ অন্তৰ্গত ধেনুখণা হিলৈদাৰী গাঁওৰ টিকেন্দ্ৰ গগৈৰ ২৭ বছৰীয়া পুত্ৰ পিংকুৱে যোৱা নিশা কেইজনমান সতীৰ্থৰ সৈতে গাঁওৰে এঘৰত সমূহীয়া আহাৰ গ্ৰহণ কৰিবলৈ ঘৰৰ পৰা ওলাই অহাৰ পৰৱৰ্তী সময়ত যুৱকজনৰ নিথৰ দেহ ৰাজপথৰ ওপৰত উদ্ধাৰ হোৱাকলৈ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলজুৰি ৷ ঘটনা সন্দৰ্ভত ঘিলামৰা আৰক্ষীৰ বিৱৰণি অনুসৰি বৃহস্পতিবাৰে পুৱতি নিশা ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বাটমাৰী- মাছখোৱা সংযোগী বাপাৰাম গড়কাপ্তানী পথৰ ১ নং বাটমাৰী গাঁওৰ হৰি মন্দিৰৰ সন্মুখত পিংকুৰ মৃতদেহ পথচাৰীয়ে প্ৰত্যক্ষ কৰে ৷ পৰৱৰ্তী সময়ত ঘিলামৰা আৰক্ষীয়ে গৈ পথৰ দাঁতিত পৰি থকা নিথৰ দেহটো উদ্ধাৰ কৰি থানালৈ আনে।লগতে দূৰৈত এটা হেলমেট আৰু এখন টি ভি এছ বাইক উদ্ধাৰ কৰে ৷ মূৰত প্ৰচণ্ড আঘাট পাই ৰাজপথ ৰঞ্জিত হোৱা থুলন্তৰ যুৱকজনৰ এনে অস্বাভাৱিক মৃত্যুক লৈ সন্দেহৰ সৃষ্টি হৈছে । সন্দেহৰ আঙুলি উঠিছে ঘটনাৰ সময়ত লগত থকা সতীৰ্থ সকললৈ ৷মৃত্যুৰ প্ৰকৃত কাৰণ আৰক্ষীৰ সঠিক তদন্তৰ পাছতহে পোহৰলৈ আহিব । অন্যহাতে এগৰাকী মিষ্টভাষী যুৱকৰ অস্বাভাৱিক মৃত্যুক সহজভাৱে লব পৰা নাই মৃতকৰ পৰিয়ালে । সমগ্ৰ অঞ্চলটোত শোকাছন্ন কৰি তুলিছে পিংকুৰ মৃত্যুৰ বাতৰিয়ে।আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks
OpenAI के CEO Sam Altman को पसंद आया एपल का खास गैजेट, कहा ये दूसरी सबसे प्रभावशाली टेक्नोलॉजी
Sam Altman के द्वारा एक X पोस्ट में कहा गया है कि एपल विजन प्रो दुनिया की दूसरी सबसे प्रभावशाली...
ঘগ্ৰাপাৰ হৰিমন্দিৰত ৬৮ সংখ্যাক শ্ৰীশ্ৰী দুৰ্গাপূজাৰ বিশাল আয়োজন
নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত ঘগ্ৰাপাৰ হৰিমন্দিৰ প্ৰাংগনত এইবেলি ৬৮ সংখ্যাক শ্ৰীশ্ৰী দুৰ্গাপূজাৰ...
મારવાડી ઠક્કર સમાજ દ્વારા પરિવાર દ્વારા છેલ્લા 25 વર્ષથી રજતજયંતિ મહોત્સવ અંબાજી મુકામે યજ્ઞનુંઆયોજન
મારવાડી ઠક્કર સમાજ દ્વારા પરિવાર દ્વારા છેલ્લા 25 વર્ષથી રજતજયંતિ મહોત્સવ અંબાજી મુકામે યજ્ઞનુંઆયોજન