চিলাপথাৰত চাইবাৰ অপৰাধীৰ জালত সংবাদকৰ্মী, চিলাপথাৰ থানাত এজাহাৰ দাখিল

অসমত সক্ৰিয় হৈ আছে এক বৃহৎ চাইবাৰ অপৰাধী চক্ৰ । দৈনিক অসংখ্য লোকক বিভিন্ন প্ৰলোভন তথা ব্লেক মেইলিং কৰি এই চাইবাৰ অপৰাধী চক্ৰই লুণ্ঠন চলাই আহিছে । সম্প্ৰতি চিলাপথাৰৰ এজন সংবাদকৰ্মী এই চাইবাৰ অপৰাধীৰ জালত পৰি হাবুডুবু খাবলগীয়া হৈছে । এইজন DA NEWS PLUS নামৰ টিভি চেনেলটোৰ চিলাপথাৰৰ সংবাদসেৱী শম্ভূ দাস । কেইদিনমানৰ পূৰ্বে এই শম্ভূ দাসৰ ফেচবুক একাউন্টত গৰ্বিতা আগ্রৱাল নামৰ এটা একাউন্টৰ পৰা ফ্রেণ্ড ৰিকুৱেষ্ট আহে আৰু সাংবাদিক গৰাকীয়ে নভবা-নিচিন্তাকৈয়ে ফ্রেণ্ড ৰিকুৱেষ্টটোত সন্মতি জনায় । পুনৰ ফেচবুক একাউন্টৰ যোগেদি তেওঁৰ হোৱাটছআপ নাম্বাৰ বিচাৰে আৰু তেওঁও দিয়ে । ইয়াৰ পিছত তেওঁৰ নম্বৰত এটা নম্বৰৰ পৰা ভিডিঅ' কল আহে । কলটোৰ জৰিয়তে কথা পতাৰ সলনি এটা অশ্লীল ভিডিঅ' প্ৰদৰ্শন কৰা হয় আৰু স্ক্ৰীন ৰেকৰ্ডিং কৰি সাংবাদিকজনৰ ভিডিঅ'টো ৰেকৰডিং কৰি তেওঁৰ ফেচবুক একাউন্টত তেওঁৰ এটা অশ্লীল ভিডিঅ' তৈয়াৰ কৰি আপলোড কৰে আৰু তেওঁক ৫১০০ টকা দাবী কৰে অন্যথা ভিডিঅ'টো ভাইৰেল কৰি দিয়াৰ ভাবুকি দিয়ে । আৰু তৎক্ষণাত ধনখিনি ভৰাই দিবলৈ জনায় । উপায়ন্তৰ হৈ তেওঁ চিলাপথাৰ আৰক্ষীৰ কাষ চাপে আৰু এখন এজাহাৰ দাখিল কৰিছে বুলি জানিবলৈ দিছে । আপুনিও সাৱধান হওক । চাইবাৰ অপৰাধীয়ে নিতৌ নতুন নতুন জাল পেলাইছে । ফেচবুক বা অন্যান্য একাউণ্ট হেক কৰি আপোনাকো ব্লেক মেইলিং কৰি কৰিব পাৰে সৰ্বশ্ৰান্ত ।