অতিৰিক্ত নিষিদ্ধ ড্ৰাগছ সেৱন কৰি এইবাৰ মৃত্যুমুখত পৰিল এজন যুৱক ৷ দক্ষিণ কামৰূপৰ গৰৈমাৰীত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে ৷
অতিৰিক্ত ড্ৰাগছ সেৱন কৰি মৃত্যু হোৱা যুৱকজন গৰৈমাৰীৰ মহিমাৰী গাঁওৰ পাৰভেজ হুছেইন বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে পাৰভেজৰ সৈতে আন দুজন যুৱকে মিলি গৰৈমাৰীৰ আলিকাষৰ অজ্ঞাত স্থানত ড্ৰাগছ সেৱন কৰিবলৈ গৈছিল ৷
সেই সময়ত পাৰভেজ হুচেইনে অতিৰিক্ত ড্ৰাগছ সেৱন কৰাৰ ফলত মাটিত ঢলি পৰে। পাৰভেজ হুছেইনক ততাতৈয়াকৈ গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও চিকিৎসকে ইতিমধ্যেই যুৱকজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে ।
উল্লেখ্য যে পাৰভেছ হুছেইনৰ সৈতে একেলগে ড্ৰাগছ সেৱন কৰিবলৈ যোৱা আন দুয়োজন যুৱকক ইতিমধ্যে গৰৈমাৰী আৰক্ষীয়ে আটক কৰিছে ৷
আটকাধীন যুৱক দুজনৰ এজন টুক্ৰাপাৰাৰ ছাহানুৰ ৰহমান আৰু আনজন মহিমাৰী গাঁৱৰ ছাহানুৰ আলম বুলি চিনাক্ত কৰা হৈছে ৷ আটকাধীন দুয়োজন যুৱকক সম্প্ৰতি গৰৈমাৰী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷