চিৰাং জিলাৰ ঢালিগাঁৱৰ নিকটৱৰ্তী কুকুৰমাৰী অৱস্থিত কাৰ্বন ৰিছৰ্ছেচ প্ৰাইভেট লিমিটেড চমুকৈ চিআৰপিএল পৰা ঢালিগাঁও অঞ্চলৰ ৩৬ গৰাকী দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰীৰ মাজত আৰ্থিক সহায় হিচাপে চেক প্ৰদান কৰা হয় |

এই উপলক্ষে শনিবাৰে আবেলি কাৰ্বন ৰিছৰ্ছেছ প্ৰাইভেট লিমিটেডৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত এক অনুষ্ঠানত ঢালিগাঁও অঞ্চলৰ ঢালিগাঁও, কুকুৰমাৰী আৰু সোণাপুৰী গাঁৱৰ গাঁও উন্নয়ন সমিতিৰ সভাপতি আৰু সম্পাদক সকলৰ উপস্থিতিত গাঁও তিনিখনৰ ৩৬ গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ত অধ্যয়নৰত দুখীয়া পৰিয়ালৰ ছাত্ৰ- ছাত্ৰী সকলক পঁচিশ টকাকৈ (২৫০০) জলপানি হিচাপে চেক প্ৰদান কৰা হয় | জলপানি প্ৰদান অনুষ্ঠানত উল্লিখিত কাৰ্বন উদ্যোগটোৰ প্ৰৱন্ধক ইন্দ্ৰাণী বৰুৱা আৰু উদ্যোগ প্ৰতিষ্ঠানৰ কলকাতাস্থিত কাৰ্যালয়ৰ উপ অধ্যক্ষ শৈলেন্দ্ৰ সিং উপস্থিত থাকে | উদ্যোগটোৰ উপ অধ্যক্ষ শৈলেন্দ্ৰ সিঙে উদ্যোগটোৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত প্ৰদান কৰা জলপানিৰ হাৰ সামান্য যদিও এই জলপানিৰ জৰিয়তে ছাত্ৰ ছাত্ৰী সকলে সামান্য সহায় পাব বুলি উল্লেখ কৰাৰ লগতে অনাগত দিনতো উদ্যোগটোৱে সহায়ৰ হাত আগবঢ়াব বুলি প্ৰকাশ কৰে |