ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ প্ৰসংগত পুনৰ সবৰ হৈ উঠিছে অসম জাতীয় পৰিষদ ৷ অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জীয়াউৰ ৰহমানে সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰদান কৰি কয় যে বৰ্তমান শাষনাধিস্থ চৰকাৰখনে প্ৰতিবাদী কণ্ঠ ৰোধ কৰিব বিচাৰিছে বুলি তেওঁ অভিযোগ কৰে ৷ ইফালে ভিক্টৰ দাস গ্ৰেপ্তাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰো চোকা সমালোচনা কৰে নেতাগৰাকীয়ে ৷ ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰাৰ পাছত আৰক্ষীয়ে তদন্ত কৰি আছে ৷ আৰক্ষীয়ে তদন্ত কৰি আদালতত অভিযোগনামা দাখিল কৰিব আৰু পাছত আদালতে বিচাৰ কৰি দোষি নিৰ্দোশী বিবেচনা কৰিব ৷ তদনান্তধীন বিষয় এটাত মুখ্যমন্ত্ৰীয়ে কিদৰে ভিক্টৰ দাসে দোষ কৰিছে তেওঁ দোষি বুলি মুখ্যমন্ত্ৰীয়ে কলে বুলি প্ৰশ্ন উত্থাপন কৰে ৷ভৱেশ কলিতাৰ গোছৰ আৰক্ষীয়ে পঞ্জীয়ন নকৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে , বিজেপি ৰ ৰাজ্যিক সভাপতিয়ে অসম আৰক্ষীৰ ফোলোলা স্বৰূপটো উদঙাই দিছে ৷ বি জে পি ৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা মুখ্যমন্ত্ৰীয়ে চলোৱা আৰক্ষী বিভাগৰ ব্যৰ্থতাটো উদঙাই দিছে ৷ বি জে পি ৰ এতিয়া ভৰিৰ তলৰ মাটি নাইকীয়া হৈছে আৰু এতিয়া ৰাইজো কেওঁলোকৰ প্ৰতি বিক্ষুব্ধ হৈছে ৷ বিদ্যুত বিল সন্দৰ্ভত মন্ত্ৰী পিযুছ হাজৰিকাই কৰা মন্তব্যকো চোকা সমালোচনা কৰে অ জা প ৰ নেতা গৰাকীয়ে ৷ তেওঁ মন্তব্য প্ৰগান কৰি কয় যে যি বিষয় এটা বিভাগীয় মন্ত্ৰী গৰাকীয়ে নাজানো বুলি কৈছে , তাৰ বিপৰীতে মন্ত্ৰী পিযুছ হাজৰিকাই চৰকাৰী কৰ্মচাৰীৰ মাহে মাহে দৰমহা বৃদ্ধি হোৱাৰ বাবেই বিদ্যুত মাছুল বৃদ্ধি পাইছে ৷ তেওঁ প্ৰশ্ন উত্থাপন কৰি অসমত৷বসবাস কৰা সকলোৱে চৰকাৰী চাকৰিয়াল নেকি? সকলোকে চৰকাৰে চাকৰি দিব পাৰিছে নেকি? মন্ত্ৰী বিলাকৰ এনে তুলুঙা মন্ত্যৱ্যই চৰকাৰৰ মৰ্য্যদা হানি কৰা বুলি মন্তব্য কৰিছে বুলি তেওঁ কয় ৷
লগতে অসমত এতিয়া মাত্ৰ এজনহে মন্ত্ৰী তেওঁ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ বাকী সকল তেওঁৰ অনুগামীহে ৷ মন্ত্ৰী এজনে নিজে আজিৰ দিনত কোনো নিজাববীয়াকৈ সিদ্ধান্ত লব নোৱাৰে ৷ সেয়েহে বিদ্যুৰ মাছুল বৃদ্ধি হোৱা কথাটো খুদ বিভাগীয় মন্ত্ৰীয়ে নাজানে ৷ এই মন্তব্যখিনি কালি মোৰাঝাৰত অনুষ্ঠিত হোৱা এক সভাত অংশ গ্ৰহন কৰি অ জা প ৰ নেতা গৰাকীয়ে মন্তব্য কৰে ৷