ইণ্ডিয়ান স্বচ্ছতা লীগ উপলক্ষে টংলা পৌৰ সভাৰ স্বচ্ছ ভাৰত মিছন( নগৰ)এ আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা দিনা পুৱা ৭ বজাত টংলা পৌৰ সভাৰ এলেকাত স্বচ্ছতা আৰু চাফ চিকুণ সজাগতাৰ বাবে চাইকেল ৰেলী উলিওৱা হয়। খালিংদুৱাৰ পৰিষদৰ এম চি এল এ তথা টংলা পৌৰ সভাৰ অধ্যক্ষ দিলীপ বড়োৱে শুভ উদ্বোধন কৰি টংলা চহৰখনক স্বচ্ছ , চাফ চিকুণকৈ ৰাখিবলৈ অনুৰোধ জনায়। আনহাতে হৰিশিঙা ৰাজহ চক্ৰ বিষয়া মনীষা নাথেও নিজৰ চহৰখনক চাফ চিকুণকৈ ৰাখিবলৈ টংলাবাসী ৰাইজক আহ্বান জনায়। আহক আমি চহৰখন চাফ- চিকুণকৈ ৰাখো, একক ব্যৱহৃত প্লাষ্টিকৰ সামগ্ৰী বৰ্জন কৰক, জাৱৰ- জোঁথৰ , পেলনীয়া সামগ্ৰী নলা নৰ্দমাত নেপেলাই পৌৰ সভাৰ গাড়ীতহে দিব, পেলনীয়া সামগ্ৰী পুনৰ ব্যৱহাৰ কৰিবলৈ যত্ন কৰক, পেলনীয়া কেঁচা সামগ্ৰী জৈৱিক সাৰলৈ পৰিৱৰ্তন কৰক আদি কেবাটাও শ্লোগানেৰে পৌৰ সভাৰ কৰ্মচাৰী, হৰিশিঙা ৰাজহ চক্ৰ বিষয়া, কৰ্মচাৰী, বিদ্যালয় মহাবিদ্যালয়ৰ এন চি চি দলে টংলা নগৰৰ আকাশ- বতাহ মুখৰিত কৰি তোলে। টংলা পৌৰ সভাৰ জিতু পাঠক প্ৰমুখ্যে বিষয়ববীয়াই চাইকেল ৰেলী কাৰ্যসূচীক নেতৃত্ব দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Olympic Games Paris 2024: गूगल ने Sport Climbing पर बनाया आज का डूडल, नीली चिड़िया कर रही चढ़ाई
Olympic Games Paris 2024 गूगल पेरिस ओलंपिक का जश्न एक अलग अंदाज में मना रहा है। इवेंट शुरू होने...
Vidhan Sabha LIVE : एकनाथ शिंदे सभागृहात धमक्या देत आहेत का? |Dhananjay Munde | Uddhav Thackeray
Vidhan Sabha LIVE : एकनाथ शिंदे सभागृहात धमक्या देत आहेत का? |Dhananjay Munde | Uddhav Thackeray
माहेर संस्थेने रस्त्यावरील मजुरांची दिवाळी केली गोड
रत्नागिरी : येथील निराधारांचा आधारवड ठरलेल्या माहेर संस्थेमध्ये वर्षातील सर्व सण उत्सव साजरे होत...
নিশা আবকাৰী অভিযান ৫৭৫ কাৰ্টুন অৰুনাচলী সুৰাসহ ট্ৰাক জব্দ
নিশা ৰঙাপৰা আবকাৰী বিভাগৰ অভিযান। ৫৭৫ কাৰ্টুন অৰুনাচলী সুৰা জব্দ। শোনিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ...
চাৰিদুৱাৰত বিজেপিৰ ফুটবল প্ৰতিযোগীতা
শোনিতপুৰৰ চাৰিদুৱাৰত ফুটবল প্ৰতিযোগীতা। আজাদী কি অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি চাৰিদুৱাৰ...