চিলাপথাৰৰ চিচিবৰগাঁৱ শ্ৰী শ্ৰী কাথবাপু সত্ৰত দিনজোৰা কাৰ্যসূচীৰে নাম সামৰণি উৎসৱ পালন

শনিবাৰে ভাদ আৰু আহিন মাহৰ সংক্ৰান্তি । অসমৰ মহাপুৰুষীয়া পৰম্পৰাত ভাদ মাহটো অতি পবিত্ৰ জ্ঞান কৰা হয় । অসমৰ সত্ৰ-নামঘৰ সমূহত গোটেই মাহজুৰি হৰিনামৰ ধ্বনিত উখলমাখল হৈ থাকে আৰু ভাদ-আহিনৰ সংক্ৰান্তিৰ দিনাই সামৰণি পৰে মাহজোৰা ভদিয়া নামৰ । চিচিবৰগাঁওস্থিত শ্ৰী শ্ৰী কাথবাপু সত্ৰটো সমগ্ৰ মাহজুৰি চলা ভদিয়া নামৰ সামৰণি উৎসৱ শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় । সেই উদ্দেশ্যে পুৱা প্ৰাতঃ প্ৰসংগ, শৰাই স্থাপন, দুপৰীয়াৰ নাম-প্ৰসংগ, ভাগৱত পাঠৰ পিছতেই আবেলি আইসকলৰ দ্বাৰা নাম-প্ৰসংগ, দিহানাম আদি অনুষ্ঠিত কৰা হয় । অঞ্চলৰ শতাধিক মহিলাৰ দিহানামৰ ধ্বনিয়ে এক উখলমাখল পৰিবেশৰ সৃষ্টি কৰে সত্ৰৰ চৌদিশে । হৰিনামৰ অমিয়া সুৰত মুখৰিত হৈ পৰে পৰিবেশ । অনুষ্ঠানত কাঠবাপু সত্ৰৰ সত্ৰ পৰিচালক ধৰ্মকান্ত মহন্তকে ধৰি সত্ৰৰ সত্ৰীয়া, ভকত-বৈষ্ণৱৰ উপৰিও শ্ৰী শ্ৰী শ্ৰৱনী সত্ৰৰ পৰিচালক জয়কান্ত মহন্ত আৰু ডেকা সত্ৰীয়া নয়নমণি মহন্তই অংশগ্ৰহণ কৰে ।