নিবনুৱা সমস্যা সমাধানৰ দাবীত সোণাৰিত কংগ্ৰেছৰ ব্যতিক্ৰমী প্ৰতিবাদ। 

নিবনুৱা সমস্যা সমাধানৰ দাবীত সোণাৰিত ব্যতিক্ৰমী প্ৰতিবাদ। পদপথত পকৰি-মিঠাই বিক্ৰীত নামিল কংগ্ৰেছ কৰ্মী। সোণাৰিত ৰাষ্ট্ৰীয় নিবনুৱা দিৱস পালন যুৱ কংগ্ৰেছৰ। চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত পকৰি-মিঠাই বিক্ৰী যুৱ কংগ্ৰেছ কৰ্মীৰ। সোণাৰি আৰু মাহমৰা সমষ্টিৰ যুৱ কংগ্ৰেছ কৰ্মীৰ অংশগ্ৰহণ ব্যতিক্ৰমী প্ৰতিবাদত।

আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন । দেশজুৰি প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন পালন কৰা হৈছে । প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিনত বিজেপি দলে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। আনহাতে কংগ্ৰেছ দলে আকৌ এই বিশেষ দিনটোত ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰিছে । প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিনটোক কংগ্ৰেছ দলে ৰাষ্ট্ৰীয় নিবনুৱা দিৱস হিচাপে পালন কৰি পদপথত পকৰি-মিঠাই বিক্ৰী কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

সোণাৰিত চৰাইদেউ জিলা যুৱ-কংগ্রেছে পালন কৰিলে এই দিৱস। অসমত নিকা নিযুক্তিৰ প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ কৰে যুৱ-কংগ্ৰেছৰ নেতাসকলে ।