সোণাৰিত পানী যোগান আঁচনি উদ্বোধন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ

আজি নাফুক চাহ বাগিচাত ২০২০-২০২১ বৰ্ষৰ নাজিৰা সংমন্ডলৰ অন্তৰ্গত জলজীৱন মিচনৰ (ঘৰে ঘৰে নল ঘৰে ঘৰে জল) পানী যোগান আঁচনি খন আজি উদ্বোধন কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে । ১ কোটি ২৪ লাখ ৬৪ হাজাৰ টকা ব্যয়ৰে নিৰ্মাণ কৰা এই আচঁনি খনৰ জড়িতে ২১০ টি পৰিয়ালে এটুপী বিশুদ্ধ খোৱা পানী পাবলৈ সক্ষম হ'ব। শুভ উদ্বোধনী অনুষ্ঠানত  উপস্থিত থাকে চৰাইদেউ জিলা উপায়ুক্ত প'ল বৰুৱা, সোণাৰি উন্নয়ন খণ্ডৰ খন্ড উন্নয়ন বিষয়া ৰেনু দেউৰী, ছফ্ৰাই মন্ডলৰ সভাপতি অৰ্জুন চেত্ৰী, সোণাৰি মন্ডলৰ সভাপতি অভিজিত চেলেং,নিৰোদ শইকীয়া, সংমন্ডল বিষয়া ৰাজীৱ বৰপূজাৰীৰ লগতে ৰাজ্যিক সদস্য দিলীপ কোঁৱৰ, ৰাজ্যিক সদস্যা মিনা চাহু, ছাফ্ৰাই জিলা পৰিষদৰ সদস্যা জিনু কোঁৱৰ, চাহ জনগোষ্ঠী উন্নয়ন পৰিষদৰ অধ্যক্ষ বল্লভ বাঘ।  প্ৰমূখ্যে দলীয় কাৰ্যকৰতা সকল।