আজিৰ খবৰ, গুৱাহাটী, ৩১জুলাই, ২০২২ : গুৱাহাটী চিলড্ৰেন ফিল্ম স্কুলৰ উদ্যোগত আৰু নৱ-সংকল্প থিয়েটাৰ আৰ্টচৰ সহযোগত অভিনয় আৰু ছবি নিৰ্মাণৰ কৌশল বিষয়ক এক কৰ্মশালা সফলতাৰে সম্পন্ন হয় । কৰ্মশালাত গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ ১০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। শিক্ষাৰ্থী সকলক অভিনয়ৰ লগতে ছবি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় কেমেৰা, পোহৰ প্ৰক্ষেপন, শব্দ গ্ৰহণৰ প্ৰক্ৰিয়াৰ উপৰি ছবি এখনৰ চিত্ৰ গ্ৰহণ কৰাৰ পাছত সম্পাদনা কৰা পদ্ধতিৰ বিষয়ে প্ৰাথমিক জ্ঞান সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয় । প্ৰশিক্ষাৰ্থীসকলক এইবোৰৰ উপৰিও শাৰিৰীক, মানসিক, বৌদ্ধিক আৰু নৈতিকতাৰ বিভিন্ন বিষয়ত পাঠদান আগবঢ়োৱা হয় ৷ ৩১ জুলাইত প্ৰশিক্ষাৰ্থীসকলক প্ৰমানপত্ৰ বিতৰন কৰি এখন শিশু ধাৰাবাহিক আৰু কেইবাখনো নীতি-শিক্ষামূলক চুটিছবিৰ পৰিকল্পনা কৰা হয়। তদুপৰি আগষ্ট মাহৰ প্ৰথম শনিবাৰৰ পৰা জু-ৰোডৰ ভি-মাৰ্টৰ কাষৰ গুৱাহাটী চিলড্ৰেন ফিল্ম স্কুলৰ উদ্যোগত অভিনয় আৰু ছবি নিৰ্মাণৰ নিয়মিত পাঠদান চলি থাকিব। অভিনয়ৰ আগ্ৰহী সকলে চিলড্ৰেন ফিল্ম স্কুলৰ Facebook page ৰ জৰিয়তে সবিশেষ জানিব পাৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસામાં ગેરકાયદેસર દબાણો ઉપર બુલડોઝર ફર્યું
ડીસાના લાટી બજાર વિસ્તારમાં છેલ્લા ઘણા સમયથી રોડ પર ગેરકાયદેસર દબાણ થઈ જતા સ્થાનિક અરજદારે કરેલી...
মৰাণ লাচিত নগৰৰ বৰ নামঘৰৰ উদ্যোগত আজাদী কা অমৃত মহোৎসৱ উপলক্ষে তিৰঙ্গা ৰেলী
মৰাণ লাচিত নগৰৰ বৰ নামঘৰৰ উদ্যোগত আজাদী কা অমৃত মহোৎসৱ উপলক্ষে তিৰঙ্গা ৰেলী
Waqf Board Property: वक्फ बोर्ड की प्राॅपर्टी को केंद्र सरकार करेगी सील | Hindi News | Muslims
Waqf Board Property: वक्फ बोर्ड की प्राॅपर्टी को केंद्र सरकार करेगी सील | Hindi News | Muslims
Manmohan Singh Funeral News: अंतिम दर्शन के लिए Nigambodh Ghat पहुंचे PM Modi | Aaj Tak
Manmohan Singh Funeral News: अंतिम दर्शन के लिए Nigambodh Ghat पहुंचे PM Modi | Aaj Tak