অসমৰ কামৰূপ জিলাৰ বকোত শুকুৰবাৰে তীব্ৰবেগী ৰে’লৰ খুন্দাত এজন বৃদ্ধৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

বাঘৰগাঁৱৰ সমীপত এই শোকাৱহ ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

নিহত লোকজন বকোৰ দাৰীসত্ৰৰ বলোৰাম কৈৱৰ্ত বুলি চিনাক্ত কৰিছে আৰক্ষী প্ৰশাসনৰ লগতে স্থানীয় ৰাইজে।

ৰে’লপথ পাৰ হ’ব লওতেই লোকজনক তীব্ৰবেগী ৰে’লখনে খুন্দা মৰাৰ সন্দেহ কৰা হৈছে।

এই ঘটনাটো আত্মহত্যা নে স্বাভাৱিক সেয়া জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

ঘটনাৰ পিছতে স্থানীয় আৰক্ষীয়ে ঘটনাস্থলত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।