কামৰ প্ৰলোভনেৰে নি অৰুণাচলত বিক্ৰী কৰাৰ খবৰ পোহৰললৈ আহিছে  গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ ৰজাপুখুৰীৰ শ্ৰমিকক। ফলত এবছৰতকৈও অধিক কাল অৰুণাচলতে আবদ্ধ হৈ থাকিব লগা হৈছে শ্ৰমিক কেইজন। অৰুণাচলত আবদ্ধ হৈ থকা শ্ৰমিক কেইজন হৈছে সুণিতা পাতৰ, চমৰা পাতৰ, নুৰুদ্দিন আলি, নুৰেজা বেগম আৰু দুজন শিশু।  আটাইকেইজনৰ ঘৰ গোলাঘাট জিলাৰ উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত ২নং ৰজাপুখুৰী গাঁৱত । 

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं

শিৱসাগৰ জিলাৰ সাপখাটীৰ জনৈক বিপুল নামৰ ব্যক্তি এজনে কামৰ প্ৰলোভনেৰ শ্ৰমিক কেইজনক অৰুণাচলত নিছিল।

অৰুণাচলৰ আপাৰ সোৱনশিৰি জিলাৰ ডাপৰ জুতৰ এজন অৰুণাচলী লোকৰ হাতত শ্ৰমিক কেইজনক বিক্ৰী কৰিছিল জনৈক বিপুলে। 

ফলত যোৱাৰ দিন ধৰি আজি এবছৰতকৈও অধিক কাল শ্ৰমিক সকলক শাৰীৰিক, মানসিক নির্যাতনৰ উপৰিও প্ৰাণে মৰাৰ ভাবুকিৰে কাম কৰোৱাই আবদ্ধ কৰি ৰাখিছে।

বহু বাৰ চেষ্টা কৰিও আজি পয্যন্ত নিজৰ আপোন ঘৰ খনলৈ আহিবলৈ সক্ষম হোৱা নাই শ্ৰমিক সকল।  তেওঁলোকক উদ্ধাৰৰ বাবে চৰকাৰ দল-সংগঠনক আহ্বান জনাইছে শ্ৰমিক কেইজনে।

ইতিমধ্যে অৰুণাচলত আবদ্ধ হৈ থকা শ্ৰমিক কেইজনক উদ্ধাৰৰ বাবে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰদান কৰিছে আমছুৱে।

 মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক অৰুণাচলত আবদ্ধ হৈ থকা ধনশিৰি মহকুমাৰ ২নং ৰজাপুখুৰীৰ শ্ৰমিক কেইজনক উদ্ধাৰৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে আমছুৱে।