আজিৰ পৰা নাজিৰা মহকুমাৰ অসম কোম্পানী নাজিৰা ল'ৰা প্ৰাথমিক বিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হৈছে।

 অসম কোম্পানী নাজিৰা ল'ৰা প্ৰাথমিক বিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভণি অনুষ্ঠান / বাৰেৰহণীয়া বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই মুহিলে নাজিৰাবাসীক ।।

ঐতিৰ্যমণ্ডিত নাজিৰা নগৰত ইংৰাজ চৰকাৰ আৰু অসম কোম্পানীৰ কেইগৰাকীমান বিদ্যানুৰাগী ব্যক্তিৰ আশাশুধীয়া প্ৰচেষ্টাত ১৯১৪ চনত এক মাহেন্দ্ৰ ক্ষণত বিশিষ্ট গংগা খ্যাত দিখৌ নদীৰ পাৰত জন্ম লাভ কৰা মুক্তাৱ বিদ্যালয়খনে ১৯৬০ চনত এতিয়াৰ অসম কোম্পানী নাজিৰা ল'ৰা প্ৰাথমিক বিদ্যালয়লৈ পৰিৱৰ্তিত হৈ সেই সোণসেৰীয়া অতিতৰ মাধুৰীমা গচকি নতুন দৃষ্টিকোণেৰে নব্য আন্ত:গাঠনিৰে সাম্প্ৰতিক কালৰ " কঠিন বিশ্বায়ন "ৰ পৃথিৱীখনৰ মুখামুখি হ’ব পৰাকৈ এই বিদ্যালয়খনি নতুন দৃষ্টিকোণেৰে সজাই - পৰাই তোলাৰ উদ্দেশ্যে আগত ৰাখি বিদ্যালয়ৰ শিক্ষক - শিক্ষয়িত্ৰী , প্ৰাক্তন ছাত্ৰ আৰু নাজিৰাবাসী ৰাইজৰ সহযোগত বৰ্ষজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শতবাৰ্ষিকী উদযাপন সমাৰোহৰ আয়োজন কৰা হয় । ইয়াৰ অংশস্বৰূপে আজিৰ পৰা দুদিনীয়া কাৰ্যক্ৰমণিকাৰে শতবাৰ্ষিকী উদযাপন সমাৰোহৰ শুভাৰম্ভণি অনুষ্ঠান অনুস্থিত হয় । পুৱা পৰিৱেশ নিকাকৰণ আৰু বৃক্ষৰোপণ উদ্বোধন কৰে নাজিৰা পৌৰসভাৰ ৱাৰ্ড আয়ুক্ত গুণগোবিন্দ দত্তৰ । বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মনোজ গগৈ আৰু উদযাপন সমিতিৰ সভাপতি দিপংকৰ চক্ৰৱৰ্তীয়ে পতাকা উত্তোলন কৰাৰ পিছতে অতিৰিক্ত উপায়ুক্ত তথা নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি আয়ুষী জৈনে শুভ উদ্বোধন কৰা বাৰেৰহণীয়া বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই মুহিত কৰে নাজিৰা বাসী জনগণক । বিদ্যালয়খনৰ লগতে সমীপৰ বিদ্যালয়সমূহৰ ছাত্ৰ - ছাত্ৰী , শিক্ষক - শিক্ষয়িত্ৰী , প্ৰাক্তন ছাত্ৰ তথা ৰাইজ আৰু দিহানাম , গায়ন - বায়ন , জিকিৰ , বিহু তথা বিভিন্ন জাতি - জনগোষ্ঠীৰ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে এই শোভাযাত্ৰাত । ইয়াৰ পিছতে ছাত্ৰ - ছাত্ৰী সকলৰ মাজত বিভিন্ন সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় ।