জাগীৰোডৰ ৰৌমাৰীত বন্যহস্তী আৰু চাৰিচকীয়া বাহনৰ সংঘৰ্ষ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বন্যহস্তীয়ে চুৰমাৰ কৰিলে এখন বাহন৷ নিহত গুৱাহাটীৰ দেৱাশীষ ভট্টাচাৰ্য নামৰ এজন লোক৷

দূৰ্ঘটনাত পতিত ৰেনল্ট কিগাৰ বাহনখনৰ নম্বৰ AS-01-FF-9184৷ লোকজন তেজপুৰৰ নৰ্থ ইষ্ট ফাইনেন্স বেংকত কৰ্মৰত আছিল৷ কৰ্মস্থলীৰ পৰা উভটাৰ পথত সংঘটিত হয় দূৰ্ঘটনাটো ৷