মৈৰাবাৰীৰ বিভিন্ন অনুষ্ঠান পৰিদৰ্শন, ৰাইজৰ লগত মতামত অনুষ্ঠান মৰিগাঁও জিলা উপায়ুক্ত শ্ৰী দেবাশিষ শৰ্মাৰ।
খালিদ আহমেদ, মৈৰাবাৰী, ১৫ ছেপ্তেম্বৰ ২০২২:-মৰিগাঁও জিলাখনত অলপতে যোগদান কৰা জিলা উপায়ুক্ত শ্ৰী দেৱাশীষ শৰ্মাই আজি দিনজোৰা কাৰ্যসূচীৰে মৈৰাবাৰীত উপস্থিত হয়। প্ৰথমে মৈৰাবাৰী আদৰ্শ বিদ্যালয় কাৰ্যালয়ত বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সকলৰ লগত দীঘলীয়া আলোচনাত মিলিত হয় উপায়ুক্তই সমস্যাৰ বুজ লোৱাৰ পিছত বিদ্যালয় চৌহদত এক কোটি চৌৱান্ন লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ছাত্ৰ নিৱাসৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে।কাৰ্যসুচী অনুযায়ী বিদ্যালয়খনৰ সভাকক্ষত জিলা উপায়ুক্তই জেষ্ঠ নাগৰিক ,মৈৰাবাৰী প্ৰেছ ক্লাবৰ সদস্য সকলৰ লগত মত বিনিময় কৰে।মৈৰাবাৰী জেষ্ঠ নাগৰিক মঞ্চৰ ফালৰ পৰা অৱসৰ প্ৰাপ্ত শিক্ষক আব্দুল গফুৰ আৰু মৈৰাবাৰী প্ৰেছ ক্লাবৰ ফালৰ পৰা সা্ংবাদিক প্ৰণৱ গোস্বামীয়ে অঞ্চলটোৰ জলন্ত সমস্যা সম্পৰ্কে উপায়ুক্তক অবগত কৰে।এই অনুষ্ঠানৰ অন্তত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান শ্ৰী শ্ৰী আলি পুখুৰী পটেকীবড়ি সত্ৰ পৰিদৰ্শন কৰি সমস্যাৰ বুজ লোৱাৰ লগতে পত্ৰ পৰিচালনা সমিতিৰ সম্পাদকৰ লগতে ভক্ত আৰু সুদুৰ অষ্ট্ৰেলিয়াৰ পৰা সত্ৰলৈ অহা দুগৰাকী মহিলাৰ লগত মত বিনিময় কৰে জিলা উপায়ুক্তই।তাৰ পিছত মৈৰাবাৰী থানাৰ মাটিত ৰূপায়ন হোৱা এম জি এনৰেগাৰ আঁচনি,তাতিকটা পঞ্চায়তৰ নিৰ্মাণৰত পি এম এ জি হাউচ, উলুবাৰী আৰ পিএইচচি,মৈৰাবাৰী চি এইচ চি,হাতীমুৰীয়া পঞ্চায়তত দুটা চি চি ৰোড আৰু গ্ৰাম বিকাশ পৰিষদৰ জেষ্ঠ নাগৰিকৰ আৱাস আৰু নিচামুক্তি কেন্দ্ৰ পৰিদৰ্শন কৰে।জেষ্ঠ নাগৰিক ৰ আৱাসৰ সভা কক্ষত অনুষ্ঠিত হোৱা সভাত জিলা উপায়ুক্ত শ্ৰী দেৱাশীষ শৰ্মাই ভাষন প্ৰসংগত কয় যে নিচামুক্তি কেন্দ্ৰ,জেষ্ঠ নাগৰিকৰ আৱাস পৰিদৰ্শন কৰাটো উপায়ুক্তৰ বাবে ভাগ্যৰ বিষয়। তেখেতে আৰু কয় যে যিকোনো নাগৰিকে সমস্যা সমাধানৰ বাবে কাৰ্যালযত মোক সাক্ষাৎ কৰাত বাধা নাই।আজি উপায়ুক্তই মৈৰাবাৰীৰ বিভিন্ন অনুষ্ঠান পৰিদৰ্শনৰ সময়চোৱাত ৰাইজৰ দুখ দুৰ্দশাৰ প্ৰতি যি আন্তৰিকতা দেখালে বিষয়টো সচাকৈ প্ৰশংসনীয়।