মাজুলীৰ আৰোহণ সংগীত একাডেমিৰ অভিভাৱক সন্মিলন সম্পন্নঃ

-------------------------—-----------------—---------

 ৰ ফুলনি অঞ্চলত সাংস্কৃতিক পৰিৱেশ গঢ়ি নতুন প্ৰজন্মক সংগীতৰ ক্ষেত্ৰ খনত আগুৱাই নিয়াৰ মানসেৰে ২০১৯ চনত স্থাপন হোৱা আৰোহণ সংগীত একাডেমীৰ অভিভাৱক সন্মিলন খন আজি ফুলনি চাৰিআলিত অনুষ্ঠিত হয়। 

তিনি বছৰ অতিক্ৰম কৰা পিছত অনুষ্ঠিত হ'ল অভিভাৱক সন্মিলন খন। বিয়লি ১ বজাৰ পৰা শুভাৰম্ভ হোৱা অভিভাৱক সন্মিলন খনৰ বন্তি প্ৰজ্বলন কৰে ফুলনি অঞ্চলৰ ধৰ্মপ্ৰাণা মহিলা লাহৰি মেধেয়ি। অভিভাৱক সভাখন আৰোহণ সংগীত একাডেমীৰ ছাত্ৰ-ছাত্ৰী সকলে সমবেত বৰগীতেৰে উদ্ধোধন কৰে । আৰোহণ সংগীত একাডেমীৰ পৰিচালিকা পিংকু বৰাই আঁত ধৰা সভাখনৰ সুচাৰূপে সভাপতি হিচাপে পৰিচালনা কৰে কবি-সাহিত্যিক আৰু সমাজ সংগঠক জয়ন্ত হাজৰিকাই। 

 সভাত নিদিষ্ট ব্যক্তা হিচাপে ভাষণ প্ৰদান কৰে জেংৰাইমূখ মহাবিদ্যালয়ৰ প্ৰবক্তা বিনোদ দাস, শিক্ষক হেম কুমাৰ মিলিয়ে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সমাজ সংগঠক ৰাজীৱ শইকীয়া, শিক্ষক তথা সমাজ কৰ্মী বিপুল চন্দ্ৰ বৰা, সদৌ অসম গোৰ্খা সন্মিলনৰ সাধাৰণ সম্পাদক মনি কুমাৰ নেৱাৰ উপস্থিত থাকি এই সংগীত একাডেমী খনে অঞ্চলৰ ছাত্ৰছাত্ৰী সকলক আগুৱাই নিয়া দিশৰ ওপৰত আলোকপাত কৰে ৷

আজি অভিভাৱক সভাখনতেই আৰোহণ সংগীত একাডেমীৰ নতুন সমিতি খন গঠন কৰে। সমিতি খনত ডঃ মানিক মিলি, দ্বিজেন শইকীয়া, বিনোদ দাস, ৰাজীৱ শইকীয়া, মনি কুমাৰ নেৱাৰ আৰু পদ্ম শইকীয়াক উপদেষ্টা। জয়ন্ত হাজৰিকাক সভাপতি, বিপুল চন্দ্ৰ বৰা, হেম কুমাৰ মিলক উপ-সভাপতি, পিংকু মনি বৰাক সম্পাদক, মনিষা খনিকৰ মেধিক সহঃ সম্পাদক, আৰু আৰোহণ সংগীত একাডেমীৰ সকলো অভিভাৱক অভিভাৱিকাক কাৰ্যকৰী সদস্য হিচাপে লৈ নতুন সমিতি খন গঠন কৰে। 

অভিভাৱক সভাখনিত অঞ্চলৰ বহু ব্যক্তি উপস্থিত থাকে। সভাৰ শেষত কৃষ্ণা মেধীয়ে শলাগৰ শৰাই আগবঢ়াই।