জনজাতিকৰণৰ মৰ্যদা প্ৰদানত চৰকাৰে কৰা বঞ্চনাৰ প্ৰতিবাদত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী

বিগত প্ৰায় ৩০ বছৰৰ চুতীয়া জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে চৰকাৰক দাবী জনাই আহিছে কিন্তু পৰিতাপৰ কথা যে যোৱা কালি ভাৰত চৰকাৰে পাঁচ খন ৰাজ্যৰ ১২তাকৈ জনগোষ্ঠীক জনজাতি প্ৰদান কৰিলে কিন্তু অসমৰ ছয় জনগোষ্ঠীক আজিও প্ৰতাৰণা কৰিলে । তাৰে প্ৰতিবাদত আজি মৰাণৰ ট্ৰেফিক পইণ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে চুতীয়া ছাত্ৰ সন্থাই আৰু অনতিপলমে দাবী মানি নললে আগন্তুক নিৰ্বাচনত ইয়াৰ পৰিনাম ভুগিব লাগিব বুলি সকিয়াই দিয়ে।