অল আসাম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱাগত আদৰণি সভা সম্পন্ন

ঢকুৱাখনা মহকুমাৰ খেৰকটামুখ অঞ্চলৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান অল আসাম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি 28 তম নৱাগত আদৰণি সভাখনি সম্পন্ন হয়।কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত চাফাই অভিযানৰ পিছতে পতাকা উত্তোলন কৰে বিদ্যালয়ৰ অধ্যক্ষ নিৰঞ্জন পেগুৱে।বৃক্ষ ৰোপক কৰে উপাধ্যক্ষ প্ৰদীপ কুমাৰ পেগুৱে, ন - পুৰণি ছাত্র- ছাত্ৰী চিনাকি পৰ্ব অনুষ্ঠানত আঁতধৰে সহঃশিক্ষক অশোক কুমাৰ দলে ৷ ন-পুৰণি ছাত্র - ছাত্ৰী চিনাকি পৰ্ব অনুষ্ঠানত নিজ নিজ প্ৰতিভাসমূহ প্ৰদৰ্শন কৰি সকলোকে আমোদ দিয়ে।দুপৰীয়া ১২.৫০ বজাত সমবেত সংগীতেৰে মুকলি সভাখনি শুভাৰম্ভ কৰে। মুকলি সভাৰ সভাপতিত্ব কৰে বিদ্যালয়ৰ উপাধ্যক্ষ তথা ছাত্র একতা সভাৰ সভাপতি প্ৰদীপ কুমাৰ পেগুৱে। ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দেবেন্দ্ৰনাথ পেগুৱে। বন্তি প্ৰজ্বলন কৰি তেখেতে ন - পুৰণি ছাত্ৰ - ছাত্ৰীসকলক জ্ঞানৰ পোহৰে আলোকিত হবলৈ আহ্বান জনায়। নিদিষ্ট বক্তা যোগীসূঁতি জনজাতি হাইস্কুলৰ অবসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভদ্ৰকুমাৰ দলে আৰু মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু৷মুখ্য অতিথি বি আৰ আম্বেদকাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক অন্তত দাস,আমন্ত্ৰিত অতিথি মিচিং মিমাগ কৗবাংৰ কেন্দ্ৰীয় সদস্য নাথুৰাম পেগু ঢকুৱাখনা জিলা সমিতিৰ লগতে অঞ্চলৰ বহু গন্যমান্য ব্যক্তি উপস্থিত থাকি ন-পুৰণি ছাত্র- ছাত্ৰী সকলৰ জীৱনত সাধনাৰ বাবে বহুমূলীয়া মন্তব্য আগবঢ়াই।