এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত প্ৰৱৰ্তন সঞ্চালকালয় (ইডি)এ চলোৱা এক অভিযানত বুধবাৰে ৪৭ কোটি টকাতকৈ অধিক মূল্যৰ ৪৩১ কিলোগ্ৰাম সোণ আৰু ৰূপ উদ্ধাৰ কৰে। 

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিক বাতৰি অনুসৰি বেংক ঋণ জালিয়াতিৰ অভিযোগত অভিযুক্ত এটা বুলিয়ন কোম্পানীৰ গোপন লকাৰত এই অভিযান চলোৱা হৈছিল।

তদন্ত সংস্থাটোৱে এক বিবৃতিত কৈছিল যে পাৰেখ এলুমিনেক্স লিমিটেড নামৰ এটা কোম্পানীৰ বিৰুদ্ধে উল্লেখিত গোচৰৰ সন্দৰ্ভত ৰক্সা বুলিয়ন আৰু ক্লাছিক মাৰ্বলৰ চৌহদত অভিযান চলোৱা হৈছিল।